ছয়গাও সমষ্টিত চৰকাৰী আঁচনি ধোঁৱাচাঙত ৷ প্ৰকৃত হিতধিকাৰী পোৱাৰ বিপৰিতে একাংশ ধনী শ্ৰেণীৰ লোকে লাভ কৰিছে এই অচনিৰ ধন ৷ প্ৰথমে চাএক এই দৃশ্য ৷ এয়া হৈছে ছয়গাঁও সমষ্টিৰ বনগাওঁ ব্লকৰ ৬নং গাওঁ পঞ্চায়তৰ অন্তৰ্গত বামুনীগাও প্ৰীতিপুৰৰ এগৰাকী বিধবা মহিলাৰ কীহিনী ৷ নাম মহিলা গৰাকীৰ নলিনী বালা বড়ো। এই দৰিদ্ৰ বিধবা মহিলা নলিনী বালা বড়ো আজিলৈ বঞ্চিত অৰুনাদয় আচনি, চৰকাৰী ঘৰ, বৃধ্য পেঞ্চনকে ধৰি সকলো চৰকাৰী আচনিৰ পৰা ৷
ছয়গাঁও সমষ্টিৰ বনগাওঁ ব্লকৰ ৬নং গাও পঞ্চায়তৰ অন্তৰ্গত প্ৰীতিপুৰৰ এগৰাকী বিধবা মহিলা ৷ এইগৰাকী হল তিনি সন্তানৰ মাতৃ বিনিতা দাস। সাত বছৰ পূৰ্বে স্বামী জতিল ৰোগোত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লৈছিল। স্বামীক হেৰুৱাই তিনি কন্যা সন্তানক সাবতি লৈ গৰু,ছাগলী,কুকুৰা,গাহৰী পুহি নিজৰ লগতে তিনি কন্যা সন্তানক পোহ পাল দি আহিছে বিনি দাসে। কিন্তু দুখৰ বিষয় এটিয়ালৈ ধুকি পোৱা নাই কোনো চৰকাৰী আচনিয়ে । যি সময়ত অসম চৰকাৰে বিধবা মহিলা সকলৰ বাবে মুকলি কৰিছে অৰুনাদয় আচনি বিধবা পেনচন ৷ কিন্তু পৰিতাপৰ বিষয় সেই অৰুনাদয় আচনি বিধবা পেন্চন পোৱাৰ হেপাহত গাওঁ পঞ্চায়তত, ব্লকত দৌৰি দৌৰি ঢোকে ঢোকে পানী খাইছে বিনিতা দাসে। কিন্তু আজিলৈ লাভ নকৰিলে কোনো চৰকাৰী আঁচনিৰ ধন ৷
প্ৰশ্নহৈ এই আচনি সমুহৰ হিতাধীকীৰী তালিকা কোনে যুগত কৰে ? কিয় এই সকল লোকে বঞ্চিত হৈ আচনি সমুহৰ পৰা ? নে ধনৰ লেনদেন হয় ? বিষয়াৰ নিজৰ পৰিচিত মানুহক প্ৰদাণ কৰে নেকি আচনিৰ ধন ? পাৰিবনে বিধায়ক ৰেকিবুদ্দীনে ন্যায় দিব এই সকল দৰিদ্ৰ পৰিয়ালক ৷
মহিদুল ইছলাম ,বকো ,Ne India news