ছোনিয়া গান্ধীক দেশবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী স্মৃতি ইৰাণীৰ

16

ছোনিয়া গান্ধীক দেশবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী স্মৃতি ইৰাণীৰ

ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হোৱাৰ বেদনা যেন পাহৰি পৰা নাই কংগ্ৰেছ দলে । সেই বেদনাৰে প্ৰতিফলন ঘটিল লোকসভাত । কংগ্ৰেছ সংসদীয় দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰী পুনৰ বাৰ অপমাণিত কৰিলে মহামহিম ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুক ।  কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে বিকৃত মানসিকতাৰ পৰিচয় দি ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুক ৰাষ্ট্ৰপত্নী সম্বোধন কৰিলে । ইয়াৰ পুৰ্বেও কংগ্ৰেছ দলৰ নেতাই ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুক কাঠৰ পুতলা বুলি কৈ অপমাণিত কৰিছিল ।
বহুবল্কী অধীৰ ৰঞ্জন চৌধুৰীৰ মন্তব্যৰ পিচতে উত্তাল হৈ লোকসভা । কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীক উভতি ধৰিলে বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে ।
স্মৃতি ইৰাণীৰ দাবী কংগ্ৰেছে ক্ষমা খোজক দেশবাসীৰ ওচৰত । অধীৰ ৰঞ্জন চৌধুৰীয়ে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে দিয়া মন্তব্যৰ পিচতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সমগ্ৰ দেশত । দেশজুৰি সৃষ্টি হোৱাৰ এই প্ৰতিক্ৰিয়াৰ পিচতে ক্ষমা খুজিবলৈ বাধ্য হয় কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে । টুইটাৰৰ যোগেৰে প্ৰকাশ কৰা এটা ভিডিওৰ জৰিয়তে ক্ষমা ভিক্ষা খুজি , অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় , জিভা পিচল খোৱা বাবেহে তেওঁ‌ৰ মুখৰ পৰা এই শব্দ ওলাইছিল ।

মহামহিম ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৰ বিৰুদ্ধে কংগ্ৰেছ সংসদীয় দলৰ নেতাৰ মন্তব্য সন্ধৰ্ভত কংগ্ৰেছ অধ্যক্ষা ছোনীয়া গান্ধীৰ প্ৰতিক্ৰিয়া আছিল নিস্তেজ । সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত ছোনীয়া গান্ধীয়ে কয় ,ইতিমধ্যে ক্ষমা খুজিলে দেখোন ।

কংগ্ৰেছ দলৰ নেতাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে কৰা এই মন্তব্য কংগ্ৰেছৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া প্ৰতি থকা অনিহাই সুচাইছে । অধীৰ ৰঞ্জন চৌধুৰীৰ মন্তব্যৰ পৰা এয়াই প্ৰতিয়মান হৈছে যে এগৰাকী অদিবাসী মহিলা ৰাষ্ট্ৰপতি হোৱাত দলটোৱে যেন সহ্য কৰিব পৰা নাই । কংগ্ৰেছৰ এই হঠকাৰী চৰিত্ৰই দলটোৰ ধ্বংসৰ ইংগীত বহন কৰিছে । ইতিহাস হবলৈ যেন আগবাঢ়িছে কংগ্ৰেছ দল ।

News Bureau, Ne India News

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here