সোমবাৰে তিনিচুকীয়া জিলাৰ ধলা ছৈখোৱা ৰ গৰা খহনীয়াথলীত সদৌ অসম আদিবাসী ছাত্ৰ সংন্থা,(আছা) ধলা ছৈখোৱা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বান গৰাখহনীয়া সমস্যা স্থায়ী সমাধানৰ দাবীত ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।
সভাত উপস্থিত থাকে সদৌ অসম আদিবাসী ছাত্ৰ সংন্থা তিনিচুকীয়া জিলা সমিতিৰ বিষয়-ববীয়া।
সভাত উপস্থিত হৈ উদাত্ব ভাষণেৰে আৰম্ভ কৰি কয়
১৯৯৮ চনত হোৱা বানপানীৰ ফলত প্ৰায় ২২ খন গাওঁ,ঘৰ-বাৰী,মাটি-ভেটি আৰু হাজাৰ হাজাৰ বিঘা কৃষিভূমি ব্ৰহ্মপুত্ৰ নদীত সম্পূৰ্ণ ৰূপে জাহ গল বৰ্তমান লৈকে বহু চৰকাৰ আহিলে গ’ল কিন্তু কোনো এখন চৰকাৰে বান পীড়িত পৰিয়াল বোৰক স্থায়ী সমাধানৰ লগতে পুনৰ সংস্থাপনৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি মতপোষণ কৰে।
উক্ত এলেকাত বান পীড়িত ৰাইজৰ বাবে গৰাখহনীয়া ৰোধ কৰিবলৈ পাকুপাই জীঅবেগ আচঁনি আৰু মথাউৰি নিৰ্মাণৰ নামত ঠিকাদাৰ কিম্বা মন্ত্ৰী-বিধায়কে কোটি কোটি টকা লুটি পুতি খাই আত্মহাত কৰাৰ অভিযোগ উত্থাপন কৰে আদিবাসী ছাত্ৰ সন্থাই ৷
এই বৃহৎ কেলেংকাৰীৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীৰ সস্থক্ষেপ আৰু উচ্চ স্তৰীয় তদন্ত আৰু বান পীড়িত পৰিয়ালক স্থায়ী ভাবে ৩ বিঘাকৈ ভূমিৰ আৱৰ্টন দিয়াৰ ব্যৱস্থা কৰা দাবীৰে ডুমডুমা ৰাজহ চক্ৰৰ বিষয়াৰ জৰিয়তে অসম মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে,
উক্ত সভাত প্ৰস্তাৱ লৈ কয় আছা ঢলা ছৈখোৱা আঞ্চলিক সমিতিৰ নেতৃত্বত বানপীড়িত পৰিয়ালৰ তথ্য সংগ্ৰহ কৰি অতি শীঘ্ৰে আছা তিনিচুকীয়া জিলা আৰু আঞ্চলিক সমিতিৰ নেতৃত্বত তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয় সন্মুখত বানপীড়িত ৰাইজৰ সহযোগত ধৰ্ণা কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ৰন্টু বৰশইকীয়া,তিনিচুকীয়া, Ne India News