Home Assamese ছৈখোৱা উ: মা বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ছৈখোৱা উ: মা বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

77

ছৈখোৱা উ: মা বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ছৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় তিনিচুকীয়া জিলাৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৭.শতাংশৰে চতুৰ্থ স্থান দখল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯৯.১৮ শতাংশ তিনিচুকীয়া জিলাৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়ৰ তৰফৰ পৰা ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাই ৷

দুয়োটা শ্ৰেণীৰ পৰা আটাইতকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰছাত্ৰীক অধ্যক্ষা মিনুৰাণী বড়াৰ পিতৃ মাতৃ নামত বটাঁ নগদ তিনিহাজাৰ টকা আগবঢ়াই ৷

এই সম্বৰ্ধনা অনুষ্ঠানটো ছৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় ৷

সম্বৰ্ধনা অনুষ্ঠানটো প্ৰণতি বৰুৱাই সভাপতিত্ব কৰে সভাত বিশিষ্ট ব্যক্তি সকলৰ সৈতে সাংবাদিক হিচাবে ডিৱাই ৩৬৫ৰ ডুমডুমাৰ সংবাদদাতা নোৱান্তিক ওৰাং আৰু প্ৰতিদিন কাকতৰ ছৈখোৱাৰ পুনেশ্বৰ ফুকন লগতে ছাত্ৰছাত্ৰী অভিভাৱক সকল উপস্থিত থাকে ৷

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here