ছিমলালৈ উভতিল অভিনেত্ৰী কংগণা ৰাণাৱট

0
310

ছিমলালৈ উভতিল অভিনেত্ৰী কংগণা ৰাণাৱট

মহাৰাষ্ট্ৰত ভুমিকম্প সৃষ্ট কৰি হিমাচলৰ মনালীৰ নিজ ঘৰলৈ ওভতিল অভিনেত্ৰী কংগণা ৰাণাৱট। একপ্ৰকাৰ বিৰংগণা দৰে মুম্বাইৰ সোমবাৰে হিমাচললৈ ওভতিল কংগণা । মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰে চৰকাৰক একপ্ৰকাৰ প্ৰত্যাহ্বান জনায় হিমাচলৰ পৰা মুম্বাইত উপস্থিত হৈছিল কংগণা । অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত মুকলি মত ব্যক্ত কৰাৰ পিচতে উদ্ধৱ চৰকাৰৰ ৰোষৰ বলি হৈছিল কংগণা । অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে অপবাক্যয়ো নিক্ষেপ কৰিছিল মহাৰাষ্ট্ৰ শিৱসেনাৰ বহুবল্কী নেতা তথা সাংসদ সঞ্জয় ৰাৱটে । কংগণা ৰাণাৱটেও ওভতি ধৰিছিল সঞ্জয় ৰাৱট তথা মহাৰাষ্ট্ৰ চৰকাৰক । মুম্বাইত উপস্থিত নহবলৈ সকিয়নি পৰ্যন্ত দিছিল বহুবল্কী এইগৰাকী সঞ্জয় ৰাৱটে । সঞ্জয় ৰাৱটৰ চেলেঞ্জ গ্ৰহণ কৰি কংগণা মুম্বাইত উপস্থিত হৈছিল ৮ চেপ্তেম্বৰত ।
কংগণা মুম্বাইলৈ উভতি অহাৰ খৱৰ লাভ কৰাৰ পিচতে মহাৰাষ্ট্ৰ শিৱসেনাত আৰম্ভ হৈছিল সন্মান বচোৱাৰ যুজঁ‌ । ততাতৈয়িকৈ কংগণাৰ বিৰুদ্ধে BMC য়ে জাৰি কৰিছিল জাননী।কংগণাৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ চৰকাৰৰ এনে যুদ্ধংদেহী মনোভাৱৰ উমান পায়েই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কংগণাক প্ৰদান কৰিছিল Y প্লাছ কেটেগৰি ।
কংগণা মুম্বাইত উপস্থিত হোৱাৰ পুৰ্বেই BMC য়ে উচ্চেদ কৰে কংগণাৰ কাৰ্যলয় । কৰণা ভাইৰাছৰ ত্ৰাসৰ বাবে ৩০ চেপ্তেম্বলৈ উচ্চেদত নিষেধাজ্ঞ আৰোপ কৰিছিল ন্যায়লয়ে । কিন্ত ন্যায়লয়ৰ নিৰ্দেশক কেৰেপ নকৰি একমাত্ৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে উদ্ধৱ চৰকাৰে ক্ষতিসাধন কৰে কংগণাৰ কাৰ্যলয় । এই ঘটনাক সমগ্ৰ দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । উদ্ধৱ চৰকাৰৰ পদক্ষেপ ধিক্কাৰ জনায় সমগ্ৰ দেশে । ৰাজ্যপালক সাক্ষাৎ সমগ্ৰ ঘটনাৰ বিৱৰণ ডাঙি ধৰে কংগণাই । আপাত দৃষ্টিত এগৰাকী মহিলাৰ ওচৰত পৰাজিত হল শিৱসেনা- NCP – কংগ্ৰেছৰ মিত্ৰচৰকাৰ । সোমবাৰে বিজয়ী বিৰংগণাৰ দৰে হিমাচল প্ৰদেশৰ নিজ গৃহলৈ উভতিল অভিনেত্ৰী কংগণা ৰাণাৱট ।
কংগণাৰ বিষয়টোৱে মহাৰাষ্ট্ৰ চৰকাৰক যথেষ্ট শলঠেকত পেলালে । তিৰস্কাৰৰ সন্মুখীন সকলো স্তৰৰ জনতাৰ পৰা । কংগণাৰ ওচৰত পৰাজিত হোৱাৰ শিৱসেনাৰ পৰৱৰ্তী পদক্ষেপ কি হয় সেয়া লক্ষণীয় হব ।

https://youtu.be/oQbGcZ1Ba94

National Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here