ছানৰাইজার্ছৰ হায়দৰাবাদে ৮ উইকেটত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছক

0
111

ছানৰাইজার্ছৰ হায়দৰাবাদে ৮ উইকেটত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছক

ছানৰাইজার্ছৰ হায়দৰাবাদে ৮ উইকেটত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছক৷ছানৰাইজার্ছ হায়দৰাবাদে সহজ জয়েৰে চলিত আই পি এলত সম্পূর্ণ পইণ্ট অর্জন কৰিছে৷ডুবাইত অনুষ্ঠিত মেচখনত ৰাজস্থান ৰয়েলছে প্ৰথমে বেটিং কৰিব আহি ৰাজস্থান ৰয়েলছে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৫৪ ৰান সংগ্রহ কৰে৷ ৰবীন উথাপ্পা আৰু বেন ষ্ট’কছে দলৰ হৈ ইনিংছ মুকলি কৰে যদিও দলীয় স্ক’ৰ ৩০ ৰানত উথাপ্পা ব্যক্তিগত ১৯ ৰানত পেভিলিয়নমুখী ছেমছনে ৩৬ ৰান কৰে৷ ইফালে, ছেমছন আউট হোৱাৰ ক্ষন্তেক পিছতে বেন ষ্ট’কছেও ব্যক্তিগত ৩০ ৰানত পেভিলিয়নমুখী হয়৷ বাটলাৰে ৯, অধিনায়ক স্মিথে ১৯ আৰু ৰিয়ান পৰাগে ১২টা বলত দুটা চাৰি আৰু এটা ছয়েৰে ২০ ৰানৰ অৰিহণা আগবঢ়ায়৷ ছানৰাইজার্ছ হাইদৰাবাদৰ হৈ জেছন হল্ডাৰে সর্বাধিক তিনিটা উইকেট লাভ কৰে৷মেচখনত ৰাজস্থানে জয়ৰ বাবে বান্ধি দিয়া ১৫৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি মনীষ পাণ্ডেৰ অপৰাজিত ৮৩ আৰু বিজয় শংকৰৰ অপৰাজিত ৫২ ৰানৰ সহায়ত ছানৰাইজার্ছে ১৮.১ অভাৰত দুটা উইকেট হেৰুৱাই বিজয়ৰ লক্ষ্যত উপনীত হয়৷ মনীষৰ ৪৭টা বলৰ ইনিংছটোত আছিল চাৰিটা চাৰি আৰু আঠটা ছয়৷ইফালে, বিজয়ৰ ৫১টা বলৰ ইনিংছটোত আছিল ৬টা চাৰি৷ মনীষ আৰু বিজয়ে তৃতীয় উইকেটৰ যুটিত অপৰাজিতভাৱে ১৪০ ৰান সংগ্রহ কৰে৷
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here