ৰবীন্দ্ৰনাথ গাংগুলী প্ৰাথমিক বিদ্যালয়ত শিক্ষক বিচাৰি ছাত্ৰ-ছাত্ৰী বিদ্যালয়ৰ পৰিচালনা সমিতি অভিভাৱক আৰু ৰাইজে তিনিচুকীয়া জিলা শিক্ষা বিষয়া কাকপথাৰ শিক্ষাখণ্ডত গৈ আবেদন কৰাৰ পিছতো কোনো সহাঁৰি নাই শিক্ষা বিভাগৰ, এজনীয়া শিক্ষককে চলাইছে বিদ্যালয় ৷তিনিচুকীয়া জিলাৰ কাকপথাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ৰবীন্দ্ৰনাথ গাংগুলী প্ৰাথমিক বিদ্যালয়ত,এই বিদ্যালয় খনৰ প্ৰদান শিক্ষক গৰাকীয়ে ২০১৯ বৰ্ষত অৱসৰ গ্ৰহণ কৰাৰ পাছত এজন শিক্ষকে ছাত্ৰ-ছাত্ৰী সকলক পাঠদান দি আহিছে ৷ বিদ্যালয় খনত মুঠ ৬৬ জন ছাত্ৰ-ছাত্ৰী আছে ৷ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী লৈকে আৰু অংগনবাদী কেন্দ্ৰত ৮ গৰাকী ছাত্ৰ-ছাত্ৰী আছে ৷এই বিদ্যালয় খনত ২০১৯ বৰ্ষত বৃত্তি পৰীক্ষাত এগৰাকী ছাত্ৰীয়ে প্ৰথম স্থান দখল কৰিছিল উক্ত ছাত্ৰী গৰাকীক বিদ্যালয়ৰ ফালৰ পৰা এক সম্বৰ্ধনা জনাই ফুলাম গামোচা মানপত্ৰ নগদ ধনৰ চেক প্ৰদান কৰে ৷ তিনিচুকীয়া জিলা শিক্ষা বিভাগ আৰু কাকপথাৰ শিক্ষাখণ্ডৰ কাৰ্যালয়ৰ বিৰুদ্ধে আন্দোলন হুংকাৰ ছাত্ৰ-ছাত্ৰী,অভিভাৱক আৰু পৰিচালনা সমিতিৰ ৷
শ্ৰম পত্ৰ প্ৰদান কৰি সময় সীমা বান্ধিলে অভিভাৱক সকলে এসপ্তাহৰ ভিতৰত ৰবীন্দ্ৰনাথ গাংগুলী প্ৰাথমিক বিদ্যালয়ত শিক্ষক প্ৰদান নকৰিলে,কাৰ্যালয়ৰ সন্মুখত শিক্ষক বিচাৰি প্ৰতিবাদ কৰিবলৈ সাজু বিদ্যালয়ৰ পৰিচালনা সমিতি , অভিভাৱক আৰু ৰাইজ ৷ অভিভাৱক আৰু ৰাইজে জিলা শিক্ষা বিষয়া সকলৰ ওপৰত তীব্ৰ অভিযোগ তুলিছে ৷ শিক্ষা বিষয়া সকল ব্যক্তিগতখণ্ডৰ বিদ্যালয় সমূহৰ সৈতে গোপন বুজাবুজি কৰাৰ অভিযোগ তুলিছে।
চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক বিচাৰি আবেদন কৰাৰ পিছতো কোনো ধৰণৰ সহাঁৰি নোপোৱাত এনেধৰণে ভাবিবলৈ বাধ্য হৈছে ৰাইজে।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া, Ne India News