Friday, March 24, 2023
HomeAssameseছলমান খানৰ পৰিয়ালক ভাবুকি পত্র প্ৰেৰণ কৰা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ

ছলমান খানৰ পৰিয়ালক ভাবুকি পত্র প্ৰেৰণ কৰা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ

ছলমান খান আৰু তেওঁৰ পিতৃ লেখক ছেলিম খানক ভাবুকি দি এখন পত্র প্রদান কৰা বুলি মন্তব্য উত্থাপন কৰিছে দিল্লী আৰক্ষীয়ে । কানাডাত থকা সন্ত্ৰাসবাদী বিক্ৰম ব্ৰাৰৰ ধন সংগ্ৰহ কৰাৰ পৰিকল্পনাৰে ছলমান খানৰ পৰিয়ালক এই পত্র প্ৰেৰণ কৰিছে বুলি দাবী দিল্লী আৰক্ষীৰ । পাঞ্জাৱৰ জনপ্ৰিয় কন্ঠশিল্পী সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড বুলি সন্দেহ কৰা ল’ৰেন্স বিঞ্চইৰ দলটোৰ এজন অভিযুক্ত সদস্য ‘মহাকাল’ ওৰফে সৌৰভ কাম্বলে জেৰাৰ সময়ত এই কথা স্বীকাৰ কৰে বুলি মন্তব্য দিল্লী আৰক্ষীৰ ।
ছলমান খানক ভাবুকি দি লিখা “ছেলিম খান, ছলমান খান, অতি শীঘ্রেই আপোনালোকৰ মুছেৱালা হ’ব” বুলি উল্লেখ থকা পত্রখন G.B ( গোল্ডী ব্ৰাৰ ) আৰু L.B ( ল’ৰেন্স বিঞ্চ’ই ) ৰে অন্ত পৰে বুলি মন্তব্য আৰক্ষীৰ ।
সন্ত্ৰাসবাদী ল’ৰেন্স বিঞ্চই, যি বৰ্তমান আৰক্ষীৰ জিম্মাত আছে, যোৱা মাহত পাঞ্জাৱৰ এজন জনপ্রিয় কন্ঠশিল্পী আৰু কংগ্রেছ নেতা মুজৱালাৰ হত্যাৰ আঁৰৰ মূল অভিযুক্ত আছিল বুলি বুধবাৰে দিল্লী আৰক্ষীয়ে মন্তব্য কৰে ।

Entertainment, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments