কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ছমৰীয়া শিক্ষা খণ্ডৰ এলেকাৰ ত্ৰিলোচন আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ত সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। বকো ত্ৰিলোচন আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ত বৃহত্তৰ অঞ্চলটোৰ বিদ্যালয় সমুহৰ শিক্ষক গোটক লৈ বিদ্যালয়ৰ শিক্ষা আৰু পাঠ্যক্ৰমত সমতা ; উদ্যমিতাৰ বিকাশ আৰু শিক্ষা জীৱনৰ সফলতাৰ কৌশল সম্পৰ্কীয় সজাগতাৰ উৎসৱ – ২০২২ আয়োজন কৰা হয়। দুই দিনীয়া বিস্তৃত কাৰ্য্যসুচীৰে আয়োজন কৰা শিক্ষা সম্পৰ্কীয় সজাগতাৰ উৎসৱত বহু কেইজন বিশিষ্ট সমল ব্যক্তি আৰু জিলা পৰ্যায়ৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে। অনুস্থানত বিভিন্ন কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।
মহিদুল ইছলাম, বকো, Ne India News