চৰকাৰ কাৰ?

15

চৰকাৰ কাৰ?

সোমবাৰৰ পৰা চাউল, আটা, ময়দা, মুৰি আদি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ওপৰত জিএছটি প্ৰযোজ্য হ’ব বুলি প্ৰকাশ। এই মাধমাৰ পুনৰ পৰিব ভাৰতৰ মধ্যবিত্ত শ্ৰেণীটোৰ ওপৰত। যিসকলে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ চাকৰি কৰে, তেওঁলোকে হূলস্থুল কৰিলে বা নকৰিলেও চৰকাৰে নিৰ্দিষ্ট একোটা উপলক্ষ আগত ৰাখি মৰগীয়া ভাট্টা, কিবা এটা এলাৱেঞ্চ দি সেই মানুহখিনিক জি এছ টিৰ ক্ষতিপূৰণ দিব। নিৰ্বাচনৰ আগে আগে চৰকাৰী চাকৰিয়াল সকল যথেষ্ট লাভবান হয় আৰু শাসক গোষ্ঠীটো নিৰাপদ অৱস্থানৰ পৰা আকৌ শাসনলৈ আহে।
যিসকল লোকে চৰকাৰী হিতাধিকাৰীৰ বিভিন্ন আঁচনিৰ সুফল লাভ কৰে, তেওঁলোকে বহু ক্ষেত্ৰত জি এছ টিৰ কথা ভাবিবলৈ দৰকাৰ নপৰে। যিসকলে ব্ৰেণ্ডৰ চাউল খায়, তেওঁলোকে আগতেও দিছিল, এতিয়াও দিব। চাউলৰ জি এছ টিয়ে তেনে মানুহৰ একো হানি নকৰে। কিন্তু আটাইতকৈ ক্ষতি কৰিব সেই সকল মানুহক – যাৰ আয় মাহে দুইলাখ টকাকৈ সামান্য বেছি, যিয়ে ল’ৰা – ছোৱালীৰ ভৱিষ্যতৰ বাবে প্ৰাইভেট স্কুল-কলেজতো ফীজ দিব লাগে, চৰকাৰী স্কুল-কলেজতো ফীজ দিব লাগে। যিসকলে প্ৰাইভেট লিমিটেড কোম্পানীত কম টকাৰ বিনিময়ত অধিক শ্ৰম বিক্ৰী কৰি পৰিয়ালটো পোহ-পাল দিয়ে। তেওঁলোকে নাপায় চৰকাৰী আঁচনিক চুই চাবলৈ। মাত্ৰ শুনে “অৰুনোদয় আঁচনি”ৰ নাম নাইবা ফৰ্ম কিছুমান ফিলাপ কৰি “আপোনাৰ আপোন ঘৰৰ” সপোন খেদি ফুৰে বেঙ্কৰ কাউন্টাৰে কাউন্টাৰ। ষ্টেট বেঙ্কে তেওঁলোকক দহ টকা এটাও ঋণৰ নামত নিদিয়ে। কাৰণ তেওঁলোক প্ৰাইভেট। অন্যান্য বেঙ্কে ঋণ দিব যদিহে তেওঁলোকৰ মাটি মিউনিচিপেলিটিৰ ভিতৰত থাকে। তাতো কচি কচি ১৪ – ১৬% সুদত।
দৈ, লচ্চি, বাটাৰমিল্ক খোৱাৰ বিলাসিতাৰ কথাও সেই মানুহবোৰে ভাবিব নোৱাৰে।
কেতিয়াবা ভাবিবলৈ বাধ্য হওঁ – চৰকাৰে কাৰ ভাল কৰিছে? বিলাসিতা নকৰাকৈ জীয়াই থাকিবলৈ যি কেইটা অন্নৰ দৰকাৰ, তাকো সুখেৰে খাব নোৱাৰা অৱস্থা কৰিছে। এয়াই আমাৰ দেশ এয়াই আমাৰ চৰকাৰ!

ড০ আৰ কে বেজবৰুৱা ,ৰঙাপৰা 

LEAVE A REPLY

Please enter your comment!
Please enter your name here