বি জে পি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে যিমানেই উন্নয়নৰ শ্লোগান নিদিয়ক কিয় আজি আমি দেখুৱাম উন্নয়নৰ ফোঁপোলা শ্বৰূপ
মাৰ্ঘেৰিটাৰ বিধান সভা সমষ্টিৰ লিডুৰ এটি জৰাজীৰ্ণ পথে জীয়াতু ভুগাইছে সাধাৰন ৰাইজক ৷
মহকুমাটোৰ লিডু কলিয়ৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১০ নং ৱাৰ্ডৰ চিপে গাওঁ বাসী ৰাইজে প্ৰায় ৫০০ মিটাৰ দূৰত্বৰ এটি পথৰ দুৰৱস্থাৰ বাবে সুদীৰ্ঘ বছৰে বছৰে যমৰ যাতনা ভুগ কৰি আহিছে ৷
বহুবাৰ স্থানীয় ৰাইজে পঞ্চায়তৰ ৱাৰ্ডমেম্বাৰ তথা সভাপতিক সমস্যাৰ সন্দৰ্ভত অৱগত কৰি অহাৰ পাছতো বিভাগীয় আমোলাই বিষয়টোক গুৰুত্বসহকাৰে নোলোৱাৰ অভিযোগ গাওবাসীৰ ৷
দৈনিক শতাধিক লোক এই পথৰে অহা যোৱা কৰে৷
সমান্তৰালকৈ বহু বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী এই পথছোৱাই অহা যোৱা কৰে যদিওঁ বৰ্তমান পৰ্যন্ত পথছোৱা উন্নতমানৰ হৈ নুঠিল ৷
ৰাইজে শীঘ্ৰেই পথছোৱা মেৰামতি কৰি উন্নতমানৰ কৰি তুলিবলৈ স্থানীয় জনপ্ৰতিনিধি ভাস্কৰ শৰ্মাক আহবান জনাইছে ৷৷
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News