Sunday, December 4, 2022
HomeAssameseচৰকাৰী সিদ্ধান্তঃ ভাষাৰ বদান্যতা নে মাতৃভাষাৰ সংকট - ২য় খণ্ড

চৰকাৰী সিদ্ধান্তঃ ভাষাৰ বদান্যতা নে মাতৃভাষাৰ সংকট – ২য় খণ্ড

চৰকাৰী সিদ্ধান্তঃ ভাষাৰ বদান্যতা নে মাতৃভাষাৰ সংকট – ২য় খণ্ড

এই বিশাল পৃথিৱীৰ প্ৰতি খণ্ড ভূমিতে থাকে একোটা জাতি । সেই জাতিৰ মুখত থাকে একোটা ভাষা । প্ৰতি খণ্ড ভূমিত থকা সেই ভাষাই হৈছে জাতিটোৰ ‘মাতৃভাষা’ ।

মাতৃভাষাৰ জড়িয়তে মানুহে লোক গীত গায়, মনৰ ভাব প্ৰকাশ কৰে সাধুকথা শুনে। পৰৱৰ্তী সময়ত মাতৃভাষাত ৰচিত হয় কাব্য, শ্ৰেষ্ঠ সাহিত্য, বুৰঞ্জী ইত্যাদি ইত্যাদি।

এই মাতৃভাষাৰ মাধ্যমেই মানুহে শিক্ষাৰ পাতনিও মেলে। অনাৰ্য্য-আৰ্য্য, প্ৰাগজ্যোতিষ, কামৰূপৰ সময়ৰে পৰা এই ভূখণ্ডত গঢ় লৈ উঠিছিল এটা শক্তিশালী ভাষা।

যি ভাষা আছিল কামৰূপ তথা প্ৰাগজ্যোতিষৰ মানুহৰ মাতৃভাষা । পূৰ্বৰ চুটীয়া, কছাৰী, বাৰভূঞা আদি জাতিৰ ভাষাৰ লগতে আহোম জাতিৰ ভাষাৰ সমাহৰণ হৈ অসমীয়া ভাষাৰ সৃষ্টি হৈছিল।

চৰ্যাপদেৰে আৰম্ভ হোৱা প্ৰাচীন কামৰূপৰ ভাষাই মাধৱ কন্দলীৰ পৰা আৰম্ভ কৰি শংকৰদেৱ, মাধৱদেৱ, ভট্টদেৱ আৰু নানা মনিষীৰ হাতেৰে বাগৰি আহি ভাৰতীয় আঞ্চলিক ভাষাত সমৃদ্ধিশালী ভাষা ৰূপে নিজৰ অস্তিত্ব ঘোষণা কৰিবলৈ সক্ষম হৈছিল।

অসমীয়া ভাষাৰ চৰম দূৰ্গতি হৈছিল বৃটিছৰ শাসন কালত

এয়াও সত্য যে – মাইলচ ব্ৰন্সন, অলিভাৰ কট্টৰ, নাথান ব্ৰাউন, এ কে গাৰ্নি আদি সেই সময়ত অসমত উপস্থিত নোহোৱাহেঁতেন অসমীয়া ভাষা হয়তো পৃথিৱীৰ পৰাই বিলুপ্ত হ’লহেঁতেন।

সুখৰ বিষয়, পৰৱৰ্তী কালত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ সন্তানসকলে বুজিবলৈ সক্ষম হৈছিল যে অসমীয়া ভাষা ইতিমধ্যে বিভিন্ন কাৰকৰ আগ্ৰাসনত নিঃচিহ্ন হ’বলৈ গৈ আছে।

গতিকে তাৰ পৰা অসমীয়া ভাষাটোক উদ্ধাৰ কৰাৰ বাবে পৰম বিক্ৰমেৰে যুঁজিব লাগিব। মিছনেৰীসকলৰ সৈতে সমূহীয়া ভাৱে আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদিয়ে অসমীয়া জাতিৰ বিকাশৰ হেঙাৰ আঁতৰাই ভাষিক আত্মপ্ৰতিষ্ঠাৰ বাবে যুজঁখন চলাই নিলে।

সেই যুঁজ ১৮৭৩ চনলৈকে চলিল আৰু ভাষাটো পুনৰ অসমীয়াৰ মুখলৈ উভতি আহিল। অসমেও সকলো গ্লানি জাৰি- জোকাৰি শিক্ষাৰ দিশত নতুন উদ্যমেৰে খোজ পেলালে ।

পৰৱৰ্তী সময়ত অসমৰ বিদ্যায়তনিক দিশটো সুদৃঢ় হ’ল যদিয়ো উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত মাধ্যমে ছাত্ৰ-ছাত্ৰীক বিপাঙত পেলালে।

১৯৫২ চনত অসমৰ শিক্ষণ প্ৰক্ৰিয়া অসমীয়াত হ’ব লাগে বুলি আৰু অসমীয়া ভাষাই চৰকাৰী ভাষা হিচাপে স্বীকৃতি পাব লাগে বুলি পুনৰ দাবী উত্থাপন হ’ল।

সময় আগবাঢ়িছিল। স্বাধীন ভাৰতত ’ৰাজ্য পুনৰ গঠন আইন, ১৯৫৬’ বলৱৎ হৈছিল। তাৰ ভিত্তি আছিল- প্ৰদেশবোৰৰ ভাষিক বৈশিষ্ট্য।

অসমৰ মাতৃভাষা অসমীয়া হোৱা সত্ত্বেও পুনৰ অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ দাবী উত্থাপন কৰিব লগীয়া হৈছিল, আন্দোলন কৰিব লগীয়া হৈছিল।

অসমীয়া ল’ৰাই ৰাজপথ তেজেৰে ধুব লগীয়া হৈছিল।অসমৰ বৃহৎ অনুষ্ঠান – ‘অসম সাহিত্য সভা’ৰ মজিয়াৰ পৰাও দাবী উত্থাপিত হৈছিল।

১৯৬০ চনত অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই- “অচিৰেই অসমীয়া ভাষাক ৰাজ্য ভাষা কৰা হ’ব!” বুলি ঘোষণা কৰাৰ লগে লগে পাহাৰ-ভৈয়ামৰ মৈত্ৰীত জোকাৰণি উঠিছিল।

ভাৰতৰ সংবিধানে স্বীকৃতি দিয়া প্ৰতিটো ভাষাৰেই একোখন গৃহ ভূমি থাকে। সেই গৃহ ভূমি হৈছে তাৰ মাতৃভাষাৰ নিজৰ ঘৰ। কিন্তু দুৰ্ভাগ্য এয়াই যে অসমীয়া ভাষাক চৰকাৰী ভাষাৰ মৰ্য্যদা প্ৰদানৰ বাবেও আন্দোলন কৰিব লগীয়া হৈছিল।

অৱশেষত, ১৯৬৪ চনৰ ৩১ জুলাইৰ পৰা “অসম চৰকাৰী ভাষা আইন – ১৯৬৪” – বলৱৎ কৰা হৈছে।
অসমীয়া ভাষাৰ প্ৰতি এটা এটা ভাবুকি আহিয়েই আছে। কিছুদিন আগত এটা চৰকাৰৰ পৰা নিৰ্দ্দেশ আহিছিল –
” There is no national language in India. However, article 343(1) of the Indian constitution specifically mentions that, “The official language of the Union shall be Hindi in Devanagari script.”

আমাৰ সকলোৰে অসমীয়া ভাষা লুপ্ত হ’ব বুলি আশংকা আছেই । এ. পি. এছ. চি. পৰীক্ষাত অসমীয়া ভাষা কৰ্তন কৰাৰ কথাইয়ো ইতিমধ্যে জোকাৰণি তুলি থৈছে।

আনহাতে, দশম শ্ৰেণীলৈ হিন্দী ভাষাটো বাধ্যতামূলক কৰাৰ বাবেও সকলো অসমীয়া সন্তুষ্ট হ’ব পৰা নাই। অকল অসমীয়াই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলো উদ্বিগ্ন।

পঞ্চাশৰ দশকৰ আশে-পাশে নেফা নামেৰে জনাজাত, বৰ্তমানৰ অৰুণাচল প্ৰদেশত অসমীয়া ভাষাত শিক্ষাৰ জ্যোতি বিলোৱা হৈছিল প্ৰয়াত ইন্দিৰা মিৰিৰ তত্বাৱধানত ।

কিন্তু পিছলৈ ইংৰাজী আৰু হিন্দী ভাষাৰ অগ্ৰগতিয়ে তাত অসমীয়া ভাষাৰ কণকঠিয়া মাৰি পেলালে । আনকি, ইংৰাজী আৰু হিন্দীয়ে অৰুণাচলৰ বিভিন্ন জনগোষ্ঠীৰ মুখৰ নিজস্ব ভাষা সমূহো কাঢ়ি ল’লে। এয়া দেখ দেখ উদাহৰণ।

কোনো এখন ভূমিৰ মাতৃভাষাক এলাগী কৰি তাত অন্য এটা ভাষা বাধ্যতামূলক ভাৱে জাপি দিয়াটো আত্মঘাতী চিন্তা হয় নে নহয় -সেয়া জ্ঞানী-গুণী ব্যক্তি আৰু আইন প্ৰণয়ন কৰা চৰকাৰখনে গভীৰ ভাবে বিশ্লেষণ কৰি চোৱাত হয়তো অসুবিধা নহয়।

কোনো এটা জাতিৰ ওপৰত অন্য এটা ভাষা ভাৱে জাপি দিয়া কাৰ্য্যৰ দ্বাৰা জাতিটো কিমান উপকৃত হ’ব সেই কথাটোহে গুৰুত্বপূৰ্ণ । ভৱিষ্যতে সেই গৃহ ভূমিত মাতৃভাষাৰ ভৱিষ্যত সুৰক্ষিত হ’বনে নহয়, সেয়া মূল প্ৰশ্ন।

বৰ্তমান বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাত গৱেষণা গ্ৰন্থও অসমীয়া ভাষাত প্ৰস্তুত হ’ব লাগে বুলি দাবী উত্থাপন হৈছে আৰু তাক কাৰ্য্যকৰী কৰাও হৈছে। তেনে ক্ষেত্ৰত হিন্দী বা ইংৰাজী ভাষা বাধ্যতামূলক কৰা কামটো জাতিটোৰ বাবে মোক্ষম আঘাত হ’ব নেকি?

কথাটো সকলো পক্ষই ভাবি চোৱা উচিত। চৰকাৰে ভাবিব লাগিব – কেনেকৈ মাতৃভাষাটো সংৰক্ষণ কৰিব পৰা যায়। ব্যৱস্থা কৰা দৰকাৰ, ভাষাটোক বাধাহীন গতি দি বিশ্বৰ বিভিন্ন দেশত উৰিবলৈ দিব পাৰি।

আজি অসমীয়া কবিতাই জ্ঞানপীঠ আজুৰি আনিছে, কাইলৈ হয়তো অসমীয়া ভাষাৰ সাহিত্যই নোৱেল বঁটাৰ বাবে হাত মেলিব। ইংৰাজী জানিলেহে সকলো হ’ব বুলি ক’ব পাৰিব নে?

এসময়ত প্ৰয়াত প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ ভাৰতীয় ভাষা লৈ যোৱাটো যদি গৌৰৱৰ কাৰণ, তেন্তে আমি অনুধাৱন কৰিব লাগিব – অসমীয়া ভাষাত শিক্ষা আহৰণ কৰি তাক প্ৰাচীনতম ভাষা হিচাপে ভাৰতত প্ৰদৰ্শন কৰাটো গৌৰৱৰ বিষয় হয় নে নহয়।

অতি সম্প্ৰতি অসমৰ ৰাজ্য চৰকাৰৰ শিক্ষা ব্যৱস্থাত কিছুমান নতুন সিদ্ধান্ত লোৱাৰ কথাত প্ৰসংগটো পুনৰ চৰ্চালৈ আহিছে।

শিক্ষা ব্যৱস্থাৰ পৰিবৰ্তনৰ কথাক লৈ বহুতো চৰ্চা হৈয়েই আছে। প্ৰায় সকলোৱে এক মুখে স্বীকাৰ কৰে যে আমাৰ শিক্ষা ব্যৱস্থাত বহু আসোঁৱাহ আছে। শিক্ষাক লৈ বিভিন্ন আয়োগে বিভিন্ন পৰামৰ্শ আগবঢ়াইছে।

তাৰে বহু পৰামৰ্শ ৰূপায়ন কৰা হৈছে। বহুতো এলাগী বুলি পেলাই থৈছে। সদ্যহতে শুনা মতে, প্ৰতিখন জিলাৰ ৫-ৰ পৰা ১০ খন নিৰ্বাচিত বিদ্যালয়ত ইংৰাজী মাধ্যমত শিক্ষা দান আৰম্ভ হ’ব।

অনতি পলমে ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ইংৰাজী মাধ্যমত ছাত্র-ছাত্রীয়ে শিক্ষা গ্ৰহণ কৰিব লাগিব। বৰ্তমান অভিভাৱক সকল যথেষ্ট সচেতন। এই সময়ত বেছিভাগ ল’ৰা- ছোৱালীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ইংৰাজী মাধ্যমত শিক্ষা লাভ কৰি আছে আৰু ভৱিষ্যতেও তাৰ সংখ্যাযে নকমে সেয়া নিশ্চিত।

অন্য এটা গুৰুত্বপূৰ্ণ কথা – বিদ্যালয়ত সমাজ অধ্যয়ন বিষয়টো নাইকিয়া কৰি ভূগোল আৰু বুৰঞ্জী বিষয় দুটা বাধ্যতামূলক অধ্যয়নৰ বাবে গ্ৰহণ কৰা হ’ব। এয়া এক যোগাত্মক দিশ বুলি বহুতে শলাগিছে।

কিন্তু খোকোজা লগোৱা কথাটো হৈছে বিজ্ঞান আৰু গণিত বিষয় দুটা (তৃতীয় শ্রেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ) ইংৰাজী মাধ্যমত গ্ৰহণ কৰিব লাগিব বুলি লোৱা সিদ্ধান্ত।

চন্দ্ৰ শেখৰ ভেঙ্কটৰমণে কৈছিল,

” আমি বিজ্ঞান মাতৃভাষাৰ মাধ্যমত পঢ়ুৱাব লাগে। নহ’লে বিজ্ঞান বিষয়টো কিছু মুষ্টিমেয় মানুহৰ কচৰৎ হে হৈ থাকিব। য’ত সাধাৰণ মানুহে ভাগ ল’ব নোৱাৰিব।”

অকল তেৱেঁই নহয়, অন্যান্য বহু ব্যক্তিয়ে কৈ গৈছে – শিক্ষাৰ মাধ্যম হ’ব লাগে মাতৃভাষা। অসম চৰকাৰৰ শিক্ষা বিভাগে যি বুৰঞ্জীৰ পাঠ গ্ৰহণৰ কথা উল্লেখ কৰিছে, সেই বুৰঞ্জীয়ে আমাক ক’ব কেনেকৈ অসমত শিক্ষাৰ মাধ্যম অসমীয়া কৰা হৈছিল আৰু তাৰ বাবে অসমত কিমান ৰক্তপাত হৈছিল।

আমাৰ এক বুজন সংখ্যক ল’ৰা-ছোৱালীয়ে ইংৰাজী, বিজ্ঞান আৰু গণিত বিষয়ত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব নোৱাৰে। বেছিভাগে ল’ৰা-ছোৱালীয়ে ইংৰাজী, গণিত আৰু বিজ্ঞান বিষয় কেইটাক ভয় কৰে।

তাতে যদি আকৌ গণিত-বিজ্ঞান পঢ়িব লগীয়া হয়, ইংৰাজীত, তাৰ ফলত শিক্ষা আহৰণত বিজুতি ঘটিব নে উন্নতি হ’ব তাকো বিচাৰ কৰা প্ৰয়োজন।

সিদ্ধান্তসমূহ গ্ৰহণ কৰাৰ পূৰ্বে চৰকাৰে বিভিন্ন দিশ পৰ্য্যালোচনা কৰি লোৱা ভাল। অসমৰ সকলো বিদ্যালয়ৰ ল’ৰা-ছোৱালীয়ে ইংৰাজী, বিজ্ঞান আৰু গণিতত দেখুওৱা পাৰদৰ্শিতাৰ পৰিসংখ্যা লোৱা হওক।

তাৰ ওপৰত ভিত্তি কৰিএই বিষয়সমূহত ছাত্ৰ-ছাত্ৰীৰ দখল সহজ সাধ্য বা অনুকুল কৰাৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা হওক। বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি সিদ্ধান্ত ল’লে সকলোৰে বাবে শুভ হ’ব।

আজি যিসকল ছাত্ৰ-ছাত্ৰী ইংৰাজী মাধ্যমত পঢ়ি সফল হৈছে, তেওঁলোকৰো পাৰদৰ্শিতাৰ ওপৰত কিছু গৱেষণা হোৱা দৰকাৰ। তাৰ পৰা আমি বুজি পাম – কি কৰিলে উন্নত ফলাফল পোৱা যাব।

ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ন বাধ্যতামূলক কৰাৰ বাবে যি ব্যৱস্থা লৈছে, সেয়া আদৰণীয়। তাৰ পৰা শিক্ষা ব্যৱস্থাটো সৱল হ’ব বুলি ভবাৰ থল আছে।

চৰকাৰৰ আন এটা ভাল খবৰে কিন্তু কিছু লোকক চিন্তাত পেলাইছে। ভাৰতৰ কিছুমান প্ৰদেশৰ বিদ্যালয়ত পুৱাৰ আহাৰ দিয়াৰ ব্যৱস্থা আছে বুলি জনা যায়। তাকে অনুকৰণ কৰি অসমৰ স্কুলতো পুৱাৰ আহাৰ দিয়াৰ চিন্তা-চৰ্চাই সকলোকে সন্তুষ্ট কৰিব পৰা নাই।

বৰ্তমান Midday meal – য়ে কিছুমান শিক্ষকক সন্তুষ্টি দিছে যদিয়ো বহু শিক্ষকক জ্বলা-কলা কৰিছে। মাজে মাজে বিভিন্ন বিশৃংখলতাৰো সৃষ্টি হৈছে। কিতাপ এৰি শিক্ষকে হেতা আৰু পাচবুক লৈ দৌৰিব লগীয়া হৈছে।

” পঢ়ুৱায় পঢ়ে ৰুৱে পাণ….” বাক্য শাৰী অৰ্থহীন হৈছে।

দেশখনৰ বহু আঁচনিয়ে অসমীয়া মানুহৰ হাতৰ পৰা কামবোৰ ইতিমধ্যেই কাঢ়ি লৈছে।কৰ্ম্মৰ প্ৰতি স্পৃহা হ্ৰাস কৰিছে। বিনামূলীয়া বিতৰণ ব্যৱস্থা আৰু হিতাধিকাৰীৰ সৃষ্টিয়ে কাম কৰিব নোখোজা মানুহৰ সংখ্যা দিনে দিনে বৃদ্ধি কৰিছে।

এসময়ত বিখ্যাত হৈ পৰা মাইক্ৰ’ফাইনেন্সৰ কথা আমিও পাহৰিলোঁ, চৰকাৰেও পাহৰিলে। ল’ৰা-ছোৱালী স্কুললৈ যোৱাৰ সময়ত সন্তানক ভাত খুওৱা, টিফিন যোগাৰ কৰি দিয়া আদিত অভিভাৱকে যথেষ্ট দৌৰা দৌৰি কৰিব লগীয়া হয়।

এক প্ৰকাৰ ৰাতিপুৱাৰ সেই সময় খিনি আমাৰ বাবে যথেষ্ট কষ্টপূৰ্ণ। সেই চিন্তা চৰকাৰে গ্ৰহণ কৰি এক প্ৰকাৰ মাক-দেউতাকক অফুৰন্ত সময় দান কৰিব। তাৰ ফলত চাকৰিয়াল অভিভাৱকৰ যথেষ্ট সময় ৰাহি হ’ব।

Read moreচৰকাৰী সিদ্ধান্তঃ ভাষাৰ বদান্যতা নে মাতৃভাষাৰ সংকট- ১ম খণ্ড

কিন্তু তাৰ বিপৰীতে একাংশ অভিভাৱকৰ সন্তানৰ প্ৰতি দায়িত্ববোধ কমি যোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি । এয়া অৱশ্যে মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ কথাহে ।

কথাটো – সন্তানৰ দায়িত্ব আয়াৰ ওপৰত দি নিশ্চিন্ত হোৱাৰ লেখিয়াই হ’ব গৈ নেকি? এনেকুৱা কাঁহী-বাটি-হেঁতাৰ খেলে সন্তানৰ প্ৰতি পিতৃ-মাতৃৰ দায়িত্ববোধ কমাই দিব নেকি তাকো বিচাৰ কৰা উচিত।
তাৰ পৰিৱৰ্তে চৰকাৰে কৰিব পৰা আন বহুতো কাম আছে।

অসমত বৰ্তমান যিবোৰ প্ৰাইভেট (ইংৰাজী- অসমীয়া দুয়োটা মাধ্যমৰ ) স্কুল আছে তাৰ এটা পৰিসংখ্যা প্ৰস্তুত কৰক। তেতিয়া তাত নিযুত শিক্ষকৰ সংখ্যাটোও পোৱা যাব। সকলোৱে জানে – প্ৰাইভেট স্কুলৰ শিক্ষকৰ দৰ্মহাৰ কথা ।

যদি ইচ্ছা কৰে তেন্তে এই শিক্ষকবোৰক স্কুলে যিমান টকা দৰমহা দিয়ে, তাৰ সম পৰিমাণৰ টকা চৰকাৰৰ ফালৰ পৰা দিয়াৰ ব্যৱস্থা কৰিব পাৰে । তাৰ পৰা ভাল কাম দুটা হ’বঃ

প্ৰথম – প্ৰাইভেট স্কুলৰ শিক্ষকৰ ছাত্ৰৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি পাব, যিহেতু তেওঁলোকে টকা পইচাৰ চিন্তা হ্ৰাস হ’ব।আনহাতে, মালিকৰ শোষণৰ পৰা কিছু পৰিমাণে মুক্ত হ’ব।

দ্বিতীয়- এই ব্যৱস্থাৰ মাধ্যমত নিবনুৱা সমস্যা নিয়ন্ত্ৰণৰ ওপৰত যোগাত্মক প্ৰভাৱ পৰিব। অন্ততঃ বহু শিক্ষিত যুৱক-যুৱতীয়ে চাকৰিৰ বাবে দৌৰা বন্ধ কৰিব। ছাত্ৰ-ছাত্ৰীক দিয়া স্কুটিয়ে ছাত্ৰ-ছাত্ৰীৰ যিমান অপকাৰ কৰিব, তাতকৈ প্ৰাইভেট স্কুলৰ শিক্ষকক আধা দৰমহা যদি চৰকাৰৰ ফালৰ পৰা দিয়ে তেন্তে দেশখনৰ নিবনুৱা সমস্যাৰ ৰূপেই সলনি হৈ যাব।

এয়া কোনো শিক্ষাবিদ বা ৰাজনৈতিক বিশ্লেষকৰ চিন্তা নহয় । সাধাৰণ নাগৰিকৰ মনলৈ অহা কথাহে। চৰকাৰে ভাবি চাবও পাৰে, নিজৰ সিদ্ধান্তত অটল থাকিবও পাৰে। সেয়া চৰকাৰৰ নিজা কথা।

ভাষা বলৱৎ কৰা প্ৰতিষ্ঠান সমূহ, শিক্ষা মন্ত্ৰী, মূখ্যমন্ত্ৰী, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়, স্থানীয় শিক্ষা গুৰু আৰু স্থানীয় গ্ৰাম- প্ৰতিনিধি আদিয়ে আলোচনা কৰি নিৰ্দ্ধাৰণ কৰিব -ইংৰাজী ভাষাত বিজ্ঞান আৰু গণিতৰ শিক্ষা গ্ৰহণ বাধ্যতামূলক কৰিলে আমাৰ ল’ৰা-ছোৱালী কিমান লাভান্বিত হ’ব। এই ব্যৱস্থা কিমান ফলপ্ৰসূ হ’ব – সেয়া সময়েহে ক’ব।

ড০ আৰ কে বেজবৰুৱা

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments