চৌদি আৰৱত প্ৰথমবাৰৰ বাবে মহিলাই চলাব উৰাজাহাজ 

0
1034

INTERNATIONAL DESK NE INDIA : চৌদি আৰৱত এতিয়া পৰিৱৰ্তনৰ জোৱাৰ উঠিছে। মহিলাসকলক গাড়ী চলোৱা অনুমতি দিয়াৰ পিছত এতিয়া উৰাজাহাজ চলোৱা দেখিবলৈ পোৱা যাব। চৌদি আৰৱৰ বিমান প্ৰতিষ্ঠান ফ্লাইন্সে প্ৰথমবাৰ সহকাৰী পাইলট আৰু বিমান পৰিচালিকা হিচাপে মহিলা নিয়োজিত কৰাৰ কথা ঘোষণা কৰে। বুধবাৰে প্ৰতিষ্ঠানটোৱে এই কথা ঘোষণা কৰাৰ ২৪ঘণ্টাৰ ভিতৰতে ১০০০মহিলাই সহকাৰী পাইলটৰ পদবীৰ বাবে আবেদন কৰে। ফ্লাইন্স প্ৰতিষ্ঠানটোৰ বিষয়া এগৰাকীয়ে কয় যে – চৌদি আৰৱৰ মহিলাসকলৰ পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ইচ্ছুক ফ্লাইন্স প্ৰতিষ্ঠান কিয়নো মহিলাসকলো বিমানসেৱাৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। ফ্লাইন্সৰ উপৰিও চৌদি আৰৱৰ ফ্লাইডীল নামৰ বিমান প্ৰতিষ্ঠানটোৱে বিমান পৰিচালিকা পদ ঘোষণা কৰে। চৌদি আৰৱত ২০১৭চনৰ ছেপ্তেম্বৰত মহিলাক প্ৰথমবাৰ গাড়ী চলোৱাৰ অনুমতি দিয়া হৈছিল। চৌদি আৰৱেই আছিল বিশ্বৰ একমাত্ৰ দেশ য’ত মহিলাই গাড়ী চলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here