Saturday, April 1, 2023
HomeAssameseচৌকিডিংগী খেলপথাৰত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্রীৰ

চৌকিডিংগী খেলপথাৰত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্রীৰ

চৌকিডিংগী খেলপথাৰত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্রীৰ

মঙ্গল বাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলাৰ চৌকিডিংগী খেলপথাৰত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰে। যোগ দিৱস উদযাপনৰ সময়ত, যিসকল ব্যক্তিয়ে সাম্প্ৰতিক বানৰ কবলত পৰি বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে, আমি তেখেতসকলৰ কাষত সদায় থিয় হৈ আছোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্রী গৰাকীয়ে।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰি তাৎপৰ্য বাখ্যা কৰে , যোগ হ’ল শৰীৰ আৰু আত্মাৰ মিলন সাধনৰ প্ৰাকৃতিকভাৱে সকলো দিশতে উৎকৰ্ষ লাভ কৰা এক সবল প্ৰক্ৰিয়া৷ যোগে প্ৰাণৰ সঞ্চাৰ কৰে, মন আৰু শৰীৰ সন্তুলিত কৰি সকলোকে আধ্যাত্মিকভাৱে সবল কৰি সকলো দিশতে ইতিবাচক দৃষ্টিভংগীৰ উন্মেষ ঘটায়৷
নতুন প্ৰজন্মক সুস্থভাৱে গঢ় দিব নোৱাৰিলে এখন শক্তিশালী ৰাষ্ট্ৰ আৰু এখন শক্তিশালী ৰাজ্য গঠন কৰিব নোৱাৰি৷ ইয়াৰ বাবে যুৱপ্ৰজন্মৰ মানসিক আৰু শাৰীৰিক বিকাশ সাধন কৰিব লাগিব৷ তেতিয়াহে উন্নয়ন প্ৰক্ৰিয়াটো অধিক ত্বৰান্বিত হ’ব৷ সাম্প্ৰতিক সময়ত ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে যি যুঁজ দি আছে সেই যুঁজত চামিল হৈ এখন ড্ৰাগছমুক্ত সমাজ গঢ়াৰ বাবে অভিভাৱকসকলে নিজৰ সন্তানৰ সন্মুখত নিয়মিতভাৱে যোগৰ অনুশীলনৰ অভ্যাস গঢ়ি তোলাৰ আদৰ্শ স্থাপন কৰিব লাগিব৷

মঙ্গল বাৰে ডিব্ৰুগড় জিলাৰ চৌকিডিংগী খেলপথাৰত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত আছিল সতীৰ্থ মন্ত্ৰী কেশৱ মহন্ত, প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, তৰংগ গগৈ, পোনাকণ বৰুৱা।

News Desk , Ne India News 

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments