চেঙাজানত বানখহনীয়া প্ৰতিৰোধৰ দাবীত নৈপৰীয়াই কপালে ব্ৰহ্মপুত্ৰৰ পাৰ
ধেমাজি জিলাৰ চিমেন চাপৰিৰ চেঙাজানত ব্ৰহ্মপুত্ৰৰ বান গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত বৃহস্পতিবাৰে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ চমুকৈ GNSM ৰ উদ্যোগত আৰু প্ৰায় ১০ টাকৈ জাতি-জনগোষ্ঠীৰ সংগঠনৰ সহযোগত চেঙাজানৰ ব্ৰহ্মপুত্ৰৰ পাৰত তিনি সহস্ৰাধিক নৈপৰীয়া গঞাৰ গৰ্জনত কঁপিল ব্ৰহ্মপুত্ৰৰ পাৰ ৷ বিগত কেইবা দশক ধৰি চিমেন নদী আৰু ব্ৰহ্মপুত্ৰৰ বানখহনীয়াই চিমেনমুখ গাওঁপঞ্চায়তৰ অন্তৰ্গত প্ৰায় দুই কুৰিতকৈ অধিক গাওঁৰ লগতে বিদ্যালয় , মন্দিৰ ইতিমধ্যেই ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে । অসমৰ দিছপুৰৰ গাদীত চৰকাৰ আহিল আৰু গ’ল কিন্তু আজিলৈকে চেঙাজানৰ বান খহনীয়া কোনো এখন চৰকাৰে স্হায়ী সমাধান কৰিবলৈ সক্ষম নহল। কেন্দ্ৰত ২০১৩ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বানে গৰকা চেঙাজানত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বান খহনীয়াৰ স্হায়ী সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল , কিন্ত সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হৈয়ে থাকিল । বানমুক্ত অসম গঢ়াৰ শ্লোগানৰে দিছপুৰৰ শাসনভাৰ দখল কৰা বিজেপিক প্ৰতিশ্ৰুতি পালন কৰাৰ লগতে নৈপৰীয়া ৰাইজক মাটিৰ পাট্টা দিয়াকে ধৰি কেইবাটাও দাবীৰে বৃহস্পতিবাৰে চিমেন চাপৰিৰ চেঙাজানত ৰাইজে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰে । গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ উদ্যোগত আৰু অবিভক্ত লক্ষীপুৰ জিলা প্ৰাক্তন BLT, AASKSU, ABSU , UBPO , AABYSF , AABP TMPK ৰ সহযোগত এই বিশাল গণ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰা হয় । প্ৰতিবাদী নৈপৰীয়া ৰাইজে হাতে-হাতে প্লে-কাৰ্ড লৈ বানখহনীয়াৰ স্হায়ী প্ৰতিৰোধ কৰক ,ভুমি পট্টা প্ৰদান কৰক , অসম চৰকাৰ হায় হায় , বিজেপি চৰকাৰ কাম নাই , চেঙাজানৰ গৰাখহনীয়া ৰোধ কৰিব নোৱাৰা চৰকাৰ মূৰ্দাবাদ, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানৰে কপাই তুলে ব্ৰহ্মপুত্ৰৰ চেঙাজানৰ আকাশ-বতাহ ৷ শেষত ৭ টাকৈ দাবী সম্বলীত এখন স্মাৰক পত্ৰ ধেমাজি জিলা উপায়ুক্তৰ জৰিয়তে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰ বিভাগীয় কৃতপক্ষলৈ প্ৰেৰণ কৰে ।
বিপুল সোণোৱাল, চিলাপথাৰ , Ne India News