চুঙাজান ৰেল ষ্টেচনত চেনিটাইজেছন কৰণ  

0
289

চুঙাজান ৰেল ষ্টেচনত চেনিটাইজেছন কৰণ  

চতুৰ্থ পৰ্যায়ৰ লকডাউন শেষ হোৱাৰ পিছত ১ জুনৰ পৰা চৰকাৰে কেইখন মান ৰেল  চলোৱাৰ যি সিদ্ধান্ত লৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি সজাগ আৰু সচেতনতাৰ বাবে বি জে পি কৰ্মী চন্দ্ৰ লহকৰৰ নেতৃত্বত চুঙাজান ৰেলৱে ষ্টেচন, প্লেটফৰ্ম, ৱেটিং হল, ৰেলৱে কলনীত কৰ’ণা ভাইৰাছক প্ৰতিৰোধি  কৰিবলৈ চেনিটাইজ কৰাৰ লগতে বিভিন্ন স্থানত ৰাইজক মাস্ক বিতৰণ কৰে।
চুঙাজান চাৰি আলিৰ বেংক চি এছ পি সমূহকে আদি কৰি আৰক্ষী থানাত চেনিটাইজ কৰাৰ উপৰিও বেংকৰ গ্ৰাহক সমূহৰ মাজত মাস্ক বিতৰণ কৰে। কৰ্তব্যৰত আৰক্ষীক সম্বৰ্ধনা জ্ঞাপন কৰে। যিহেতু চৰকাৰে কম সংখ্যক  ৰেল সেৱা আৰম্ভ কৰিছে তাৰ বাবে লোৱা এনে সচেতনা মুলক পদক্ষেপক ৰেল কর্তৃপক্ষৰ লগতে স্থানীয় ৰাইজে ব প্ৰশংসা কৰিছে ।
অদীতি বৰা, গোলাঘাট, Ne India News.

LEAVE A REPLY

Please enter your comment!
Please enter your name here