চিলাপথাৰৰ স্ব- গৃহত উপস্থিত DID Little Master আধ্যায়শ্ৰী উপাধ্যায়
চিলাপথাৰ স্ব-গৃহত উপস্থিত আধ্যাশ্ৰী উপাধ্যায়। যোৱা নিশা আহি চিলাপথাৰত উপস্থিত হোৱা আধ্যাশ্ৰীক লৈ সকলোৰে মাজত অপাৰ আনন্দ ৷ ইজনৰ পিছত সিজনৰ কোলাত ললে কণমানিজনীক ৷ সকলোৱে মৰমেৰে উপচাই পেলালে৷ সমগ্ৰ দেশবাসীক চমকিত কৰি DID Little Masterৰ দ্বিতীয় স্থান (DID Little Master Season 5) দখল কৰিলে চিলাপথাৰৰ আধ্যায়শ্ৰী উপাধ্যায়ে ৷ নিশা পিতৃ-মাতৃ আৰু শুভাকাংক্ষীৰ সৈতে চিলাপথাৰ আহি উপস্থিত হোৱাৰ লগে-লগে লিটিল মাষ্টাৰগৰাকীক ফুলাম গামোচা,সৰুদৈয়া জাপি,ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনাই ভবিষ্যত উজ্জ্বল কামনা কৰে। সদৌ অসম ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷
বিপুল সোণোৱাল , চিলাপথাৰ , Ne India News