Sunday, March 26, 2023
HomeAssameseচিলাপথাৰৰ জলকীয়াসূতিৰ ভয়ংকৰ পথ দুৰ্ঘটনা ! নিহত দুজন

চিলাপথাৰৰ জলকীয়াসূতিৰ ভয়ংকৰ পথ দুৰ্ঘটনা ! নিহত দুজন

চিলাপথাৰৰ জলকীয়াসূতিৰ ভয়ংকৰ পথ দুৰ্ঘটনা ! নিহত দুজন

চিলাপথাৰৰ সমীপৰ জলকীয়াসুঁতিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দুপৰীয়া সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজনকৈ লোক। অৰুণাচল প্ৰদেশৰ টুটিঙৰ পৰা চিলাপথাৰ অভিমুখে আহি থকা AR098/6472 নম্বৰৰ জাইল’ বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই জলকীয়াসূতিত থকা ভঙাদলঙত দলঙৰ ৰেলিঙত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । আৰক্ষীয়ে জনোৱা মতে দুৰ্ঘটনাটোত দুজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে এগৰাকী মহিলা সহ মুঠ পাঁচজন লোক আঘাত প্ৰাপ্ত হয় । ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে ডিব্ৰুগৰলৈ প্ৰেৰণ কৰিছে । আন তিনিগৰাকী চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । গাড়ীখনত চালক আজা দলে, আৰু যাত্ৰী তাপা সিন্ধু, জাৰবী গামলিং, ৰশ্মি চৰেন, জুৰেল চৰেণ, কায়াং মে’দকে ধৰি মুঠ আঠগৰাকী যাত্ৰী আছিল । আটাইকেইগৰাকী অৰুণাচল প্ৰদেশৰ ইংকিয়ঙৰ পৰা ইটানগৰ অভিমুখে আহি আছিল বুলি জানিব পৰা গৈছে । মৃত লোক দুজন লৱাৰ চিয়াঙৰ ২৩ বৰ্ষীয় য়ে বজি আৰু আপাৰ চিয়াঙৰ ২৮ বৰ্ষীয় মিনাম টবি ।

বিপুল সোণোৱাল , চিলাপথাৰ , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments