Sunday, December 4, 2022
HomeAssameseচিলাপথাৰত ভোজপুৰী সমাজৰ 'ষট পূজা', সহস্ৰাধিক লোকৰ অংশগ্ৰহণ

চিলাপথাৰত ভোজপুৰী সমাজৰ ‘ষট পূজা’, সহস্ৰাধিক লোকৰ অংশগ্ৰহণ

চিলাপথাৰত ভোজপুৰী সমাজৰ ‘ষট পূজা’, সহস্ৰাধিক লোকৰ অংশগ্ৰহণ

বিগত বৰ্ষৰ দৰে এইবাৰো চিলাপথাৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পথ আৰু লিকাবালি পথৰ কৃষ্ণ মন্দিৰত উলহ মালহেৰে অনুষ্ঠিত হ’ল ষট পূজা।

দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত পূজাত দেখা গ’ল ভক্তৰে বিৰ দি বাট নোপোৱা পৰিৱেশ। লোকে লোকাৰণ্য হৈ পৰে চিলাপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিশাল পুখুৰী আৰু কৃষ্ণ মন্দিৰৰ পূজাস্থলী ।

দূৰ দুৰনীৰ পৰা পকী পথৰ ওপৰত অষ্ট্ৰাংগে প্ৰণাম কৰি চুচৰি চুচৰি আহি পূজাত ভাগ লোৱা দেখা গ’ল।

চিলাপথাৰত ভোজপুৰী সমাজৰ 'ষট পূজা', সহস্ৰাধিক লোকৰ অংশগ্ৰহণ

ধূপ-দীপ নৈবেদ্যৰে আৰাধ্য দেৱতা সূৰ্যলৈ পূজা আগবঢ়াই নিজৰ লগতে পৰিয়ালৰ শান্তি কামণা কৰে। একঁকাল পানীত নামি সেৱকী সকলে সূৰ্যোদয় পৰ্যন্ত পূজা অৰ্চনা কৰে।

উদযাপন স্থলীত এইবাৰ কেবল ভোজপুৰীয়ে নহয় বিভিন্ন জাতি গোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰা দেখা গ’ল।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জোনাইৰ সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে ভোজপুৰি ভৱন নিৰ্মাণৰ বাবে ৬ লাখ টকাৰ আঁচনি আগবঢ়ায়।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments