চিলাপথাৰত বিশ্ব ৰক্তদাতা দিৱস পালন
আজি বিশ্ব ৰক্তদাতা দিৱস। বিভিন্ন প্ৰান্তৰ লগতে ধেমাজিৰ চিলাপথাৰতো অনুষ্ঠিত হ’ল ৰক্তদাতা দিৱস। চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়,বৃহত্তৰ চিলাপথাৰ লাইন্স ক্লাৱকে ধৰি কেইবাটাও অনুষ্ঠানৰ যৌথ উদ্যোগত আজি বিশ্ব ৰক্তদাতা দিৱসৰ অনুষ্ঠিত কৰা হয় ৰক্তদান শিৱিৰ। লগতে অনুষ্ঠিত হ’ল মনোজ্ঞ সজাগতা সভা। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰণজিৎ শইকীয়াৰ অধ্যক্ষতাত ৰক্তদানৰ ওপৰত এখনি সজাগতা সভা অনুস্থিত কৰাৰ পিছত চিচিবৰগাওঁ ৰাজহ চক্ৰ বিষয়া নিলোৎপল পাঠক,ড০ উত্তম দাস ,ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা আৰু মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ-ছাত্ৰী আদি অৰ্ধশতাধিক লোকে দান কৰে দুৰ্মূল্য ৰক্ত । ৰক্তদাতা সকলক মহাবিদ্যালয়ৰ পৰিয়ালে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।
বিপুল সোণোৱাল, চিলাপথাৰ, Ne India News