চিলাপথাৰত জঘন্য হত্যাকাণ্ড। খুলশালিয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে ভিনিয়েকক
চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌ চাৰি আলিত সংঘটিত হৈছে এক শিহৰণকাৰী হত্যাকাণ্ড ৷ যোৱা নিশা প্ৰায় ৯ মান বজাত ডিমৌ চাৰি আলিৰ ব্যৱসায়ী ভক্ত বাহাদু ( দিলিপ) ছেত্ৰীৰ লগত নিজ খুলশালি চিত্ৰ পাংগিঙৰ (২৭) কোনো বিষয়ত তৰ্ক বিতৰ্কৰ সৃষ্টি হয় ৷ অৱশেষত চিত্ৰৰ খঙৰ সীমা চেৰাই গৈ ইটা এটাৰে ভিনিয়েকৰ মুৰত প্ৰচণ্ডভাৱে আঘাট হানে। খুলশালীয়েকৰ উপৰ্যুপৰি আক্ৰমণত ঘটনাস্থলীতে ভিনিয়েক ভক্তবাদুৰৰ (৫৮) মৃত্যু হয় । ৰাতিৰ ভাগতে ঘটনাস্থলীত চিলাপথাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি চিলাপথাৰ আৰক্ষী থানালৈ আনে আৰু আজি পুৱাই মৰনোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ঘটনাটো সংঘটিত হোৱাৰ পিছৰ পৰাই অভিযুক্ত পলাতক হৈ আছে ৷ আৰক্ষীৰ লগতে স্থানীয় জাতীয় সংগঠন আৰু আৰক্ষীয়ে অনুসন্ধান চলাইছে যদিও সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই । ঘটনাটোকলৈ সীমান্ত ৱতী অঞ্চলটোত তীব্ৰ চাঞ্চল্য অব্যাহত আছে। হত্যাকাণ্ড ঘটনাক সংগঠনে ঘটনাটোক একেমুখে গৰিহনা দিছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই। সংগঠনটোৱে গৰিহনা দিয়াৰ উপৰিও দোষিক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে ৷