Saturday, March 25, 2023
HomeAssameseচিলাপথাৰত খেদি খেদি আটক ড্ৰাগচ সৰবৰাহকাৰীক ! দ্ৰাগছসহ এল্ট বাহন জব্দ

চিলাপথাৰত খেদি খেদি আটক ড্ৰাগচ সৰবৰাহকাৰীক ! দ্ৰাগছসহ এল্ট বাহন জব্দ

চিলাপথাৰত খেদি খেদি আটক ড্ৰাগচ সৰবৰাহকাৰীক ! দ্ৰাগছসহ এল্ট বাহন জব্দ

মঙলবাৰে সন্ধিয়া চিলাপথাৰ নগৰৰ সমীপৰ চিলাগাঁওত আৰক্ষীৰ হাতত পৰিল দুই দুৰ্ধৰ্ষ ড্ৰাগচ সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী দ্বয় হ’ল হিতেশ মিলি (৩০) আৰু ইন্দ্ৰকান্ত পাইত (২৬)। লগত জব্দ হ’ল ৫৪ গ্ৰাম ড্ৰাগচ আৰু এখন AS06M/5576 নম্বৰৰ ৰঙা ৰঙৰ এল্ট গাড়ী,৬ খন এ টি এম কাৰ্ড ,এখন দা আৰু দুটা ম’বাইল ফোন। আৰক্ষীৰ হাতত পৰা হিতেশ মিলিৰ ঘৰ জোনাই আৰু ইন্দ্ৰকান্ত পাইতৰ ঘৰ চিলাপথাৰ নতুন মিচিং গাঁওত। প্ৰাপ্ত খবৰ মতে দীৰ্ঘদিনৰ পৰাই ড্ৰাগচ সৰবৰাহত জৰিত বুলি যুৱক দ্বয়ৰ ওপৰত চকু আছিল আৰক্ষীৰ। কালি সন্ধিয়া প্ৰায় ৭ বজাত চিলাপথাৰৰ পৰা জোনাই দিশে গৈ থকা বুলি আৰক্ষীয়ে বিশেষ সূত্ৰে জানিব পাৰি পথত তীব্ৰ সতৰ্কতা অৱলম্বন কৰে। অৱশেষত চিলাপথাৰৰ পৰা জোনাই অভিমুখে তীব্ৰ বেগেৰে গৈ থকা সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা ৰঙা ৰঙৰ এল্ট খন খেদি খেদি নি চিলাগাঁও অংশত ধৰিবলৈ সক্ষম হয়। অবশ্যে গাড়ীৰ পৰা আন এজন যুৱক পলায়ন কৰিবলৈ সক্ষম হয়। ড্ৰাগচৰ বিৰুদ্ধে চলোৱা আকস্মিক অভিযানৰ নেতৃত্বত আছিল ধেমাজি,জোনাই আৰু চিলাপথাৰৰ আৰক্ষীৰ দল ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments