Friday, March 24, 2023
HomeAssameseচিলাপথাৰত আঙুৰলতা ডেকাৰ বিৰুদ্ধে ATASUৰ বিশাল বাইক ৰেলী

চিলাপথাৰত আঙুৰলতা ডেকাৰ বিৰুদ্ধে ATASUৰ বিশাল বাইক ৰেলী

চিলাপথাৰত আঙুৰলতা ডেকাৰ বিৰুদ্ধে ATASUৰ বিশাল বাইক ৰেলী

প্ৰাক্তন বিধায়িকা তথা বিজেপি ৰাজ্যিক মহিলা মৰ্চাৰ সভনেত্রী আঙুৰলতা ডেকাৰ নেতৃত্বত অলপতে বাহিৰ কৰা এক ৰেলিত আহোম জনগোষ্ঠীটোক অপমান কৰা কাৰ্যৰ বিৰুদ্ধে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। মঙ্গলবাৰে বিজেপিৰ নেত্ৰী গৰাকীৰ বিৰুদ্ধে চিলাপথাৰত আটাছুৱে এক বিশাল বাইক ৰেলী বাহিৰ কৰে । সংগঠনটোৰ চিলাপথাৰ কাৰ্যালয়ৰ পৰা তিনিশতাধিক কৰ্মীয়ে বাইক উলিয়াই অঞ্চলটো গলি গলি ভ্ৰমি প্ৰতিবাদ সাব্যস্ত কৰে। কৰ্মী সকলে বিজেপি হুঁচিয়াৰ,আঙুৰলতা গ’ বেক,আটাছু জিন্দাবাদ আদি শ্লো’গানেৰে আকাশ বতাহ কপাঁই তোলে ।

আঙুৰলতা ডেকাকে ধৰি এই কাণ্ডৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰালৈকে তেখেত সকলে গণতান্ত্ৰিক ভাবে আন্দোলন চালাই যাৱ বুলি সংগঠনটোৱে সকীয়াই দিয়ে। চৰকাৰখনত আহোম জনগোষ্ঠীৰ বহুকেইগৰাকী মন্ত্ৰী-বিধায়ক থকা স্বত্বেও জনগোষ্ঠীটোক এইদৰে অপমান কৰাৰ বিষয়টোকলৈ নীৰৱতা অৱলম্বন কৰাটো অত্যন্ত ৰহস্যজনক বুলি কয়। দলটোৱে সমদল কৰি গৈ চিচিবৰগাঁও ৰাজহচক্ৰত উপস্থিত হৈ ৰাজহ চক্ৰৰ বিষয়াৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ ও প্ৰেৰণ কৰে ।

বিপুল সোণোৱাল , চিলাপথাৰ , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments