চিটি বাছৰ বিৰুদ্ধে চলাব অভিযান

9

চিটি বাছৰ বিৰুদ্ধে চলাব অভিযান

পৰিবহণ বিভাগে চলাব চিটি বাছৰ বিৰুদ্ধে চলাব অভিযান।
ঘণ্টা ঘণ্টা ধৰি বাছ আস্থানত অপেক্ষা কৰিব লগীয়া হয় যাত্ৰীৰ। পৰিবহণ বিভাগৰ বিৰুদ্ধে ক্ষোভ চিটীবাছ চালকৰ। বাছৰ চলাচল বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে চালকসকলে।গুৱাহাটী মহানগৰীৰ বশিষ্ঠ মন্দিৰত চালকসকলে সাব্যস্ত কৰিলে প্ৰতিবাদ। ‘পৰিবহন বিভাগ হাই হাই’ ধ্বনিৰে উত্তাল হৈ পৰিল বশিষ্ঠ মন্দিৰৰ বাছ আস্থান। পৰিবহণ বিভাগৰ মইমতালিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে চিটী বাছ চালকে।চালকসকলৰ অভিযোগ, চিটীবাছৰ বাবে নাই নিৰ্ধাৰিত ষ্টপেজ, যাত্ৰীৰ বাবে নাই জিৰণি চ’ৰা। পুৰণা ষ্টপেজত বাছ ৰাখিলেই ভৰিব লাগে বৃহৎ পৰিমাণৰ জৰিমনা। চৰকাৰে যাত্ৰীৰ বাবে নিৰ্দিষ্ট স্থানত কিয় নিৰ্মাণ নকৰে জিৰণি চ’ৰা? ইফালে, চালকৰ প্ৰতিবাদৰ বাবে শুকুৰবাৰৰ দিনটোত হাৰাশাস্তিৰ সন্মুখীন হ’বলগা হয় যাত্ৰীসকল।অৱশ্যে শুকুৰবাৰে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া আৰু চিটীবাছ চালক আৰু মালিক সন্থাৰ মাজত বিষয়সমূহ আলোচনাৰ বাবে অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here