চিচিবৰগাঁও আৰক্ষীৰ জালত পৰিল তিনিটা ছাগলী চোৰ
চিচিবৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিটা ছাগলী চোৰক । ছাগলী চোৰ মানে সাধাৰণ চোৰ বুলি নাভাবিব । এইকেইটা VIP চোৰ । বিলাসী বাহন লৈ চোৰ কৰে এই তিনিটা চোৰে । এইকেইটা ক্ৰমে ধেমাজি দুসুঁতিৰ চল্লিছ বছৰীয়া ফণিৰাম নৰহ, ধেমাজি কোৱাফলাৰ ১৮ বছৰীয়া হিৰকজ্যোতি গগৈ আৰু ধেমাজি ধৰ্মনগৰৰ তেইছ বছৰীয়া প্ৰকাশ জ্যোতি ডেকা । পথত গাড়ী লৈ ঘূৰি ফুৰে চোৰ তিনিটাই । ৰাজপথত ছাগলী দেখিলেই ততাতৈয়াকৈ ধৰি গাড়ীত ভৰাই লৈ উধাও হয় । কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ । কালি ভাগ্যই লগ নিদিলে চোৰক । বন্দী হল পুলিচৰ হাতত । কালি আবেলি আমগুৰিৰ পৰা এজনী ছাগলী AR-01-J-4790 নম্বৰৰ এখন কুৱেইড গাড়ীত তুলি নিওতেই দেখা পায় গৃহস্থই । কিন্তু চোৰ কেইটাই গাড়ী লৈ ধেমাজিৰ দিশত পলায়ন কৰে । ধেমাজিত এজন ব্যৱসায়িক ছাগলীজনী বিক্ৰী কৰিবলৈ লওঁতেই ব্যৱসায়ীজনৰ সন্দেহ হোৱাত আৰক্ষীক খবৰ দিয়ে আৰু ধেমাজি আৰক্ষীয়ে চোৰ কেইটাক আতক কৰি চিচিবৰগাঁও আৰক্ষী চকীত চমজাই দিয়ে । আজি ছাগলীৰ মালিক বিষ্ণু ৰাই পেগুৱে চিচিবৰগাঁও আৰক্ষী চকীত দিয়া এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯ ধাৰাত চিলাপথাৰ থানাৰ ১১৫/২০২২ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি চোৰ তিনিতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।
বিপুল সোণোৱাল , চিলাপথাৰ , Ne India News