Wednesday, May 31, 2023
HomeAssameseচিকিৎসালয়ত ভৰ্তি লালু প্ৰসাদ যাদৱ

চিকিৎসালয়ত ভৰ্তি লালু প্ৰসাদ যাদৱ

চিকিৎসালয়ত ভৰ্তি লালু প্ৰসাদ যাদৱ

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী , কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ নেতা লালুপ্ৰসাদ যাদৱ বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন। RJD প্ৰমুখ লালু প্ৰসাদ যাদব বৰ্তমান পাটনাৰ পাৰশ হাস্পাটলৰ চাৰ্জিকেল ICU ত ভৰ্তি হৈ আছে । কেইদিনমান পুৰ্বে ৰাৱড়ী দেৱীৰ ১০ চাৰ্কুলাৰ ৰোডত অৱস্থিত চৰকাৰী আৱাসগৃহত চিৰিৰ পৰা পৰি গৈছিল লালু প্ৰসাদ যাদব। চিৰিৰ পৰা পৰি সোঁ‌ কান্ধৰ হাঁ‌ৰ ভঙাৰ লগতে ককালটো বেয়াকৈ আঘাত পাইছিল । তাৰ পিচতে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । ৰবিবাৰে প্ৰাথমিক উপাচাৰ কৰাৰ পিচত লালু যাদৱ ঘৰলৈ উভতি আহিছিল যদিও সোমবাৰে শৰীৰৰ অৱস্থাৰ অধিক অৱনতি ঘটাত পাটনা পৰাশ হাস্পাটলৰ ICU ত ভৰ্তি কৰোৱা হয় লালু প্ৰসাদ যাদৱক ।

National Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments