বিজেপি চৰকাৰে শাসন ভাৰৰ দায়িত্ব লৈ অসমৰ বাগিচা সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক মানদণ্ড আৰু বিকাশৰ দিশটো আগুৱাই নিবলৈ ৰাজ্যৰ ৯৭ খনকৈ চাহ বাগিচা এলেকাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল।
বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তৰ চাহ বাগিচা সমূহৰ লগতে তিনিচুকীয়া জিলাৰ ৰাজগড়-বজালনী,কেহেং,দেওহাল আৰু ধেলাখাট চাহ বাগিছাত স্থাপন হোৱা আদর্শ উচ্চ মাধ্যমিক চাৰিখনকৈ বিদ্যালয় আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়।
অসম চৰকাৰ কৃষি আৰু পশুপালন তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই ধেলাখাট চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় খন উদ্বোধন কৰাৰ লগতে ইপিনে ৰাজগড়-বজালনী,কেহেং, আৰু দেওহাল চাহ বাগিছাৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় কেইখন অসম চৰকাৰ শ্ৰম তথা চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে তিনিচুকীয়া জিলা অতিৰিক্ত উপায়ুক্ত দিপু কুমাৰ ডেকাৰ উপস্থিটিত আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News