চাহ বাগিচা উচ্ছেদ সন্দৰ্ভত আছাৰ সংবাদমেল
ডুমডুমাৰ দিয়ামুলী চাহ বাগিচাত চাহ গছ উচ্ছেদকলৈ সদৌ আদিবাসী ছাত্ৰ সন্থা, চমুকৈ আছাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে | অইল ইণ্ডিয়া লিমিটেডে খাৰুৱা তেল আৰু গেছ অন্বেষণৰ কামকাজ চলাবলৈ বাগিচাখনৰ ২৩ বিঘা ভূমি অধিগ্ৰহণ কৰি চাহ গছ উচ্ছেদ কৰে | অইল ইণ্ডিয়াৰ এনে কাৰ্য্যক গৰিহণা জনাই আছা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ৰাজা কুজুৰে | উচ্ছেদিত ভূমিত চাহ পুলি ৰোপন কৰিবলৈ আছাই ৪৮ ঘন্টাৰ সময়সীমা বান্ধি দিছে, ইয়াৰ অন্যথা জিলাখনত অইল ইণ্ডিয়া লিমিটেডৰ সকলো কাম কাজ বন্ধ কৰাৰ হুংকাৰ দিয়ে আছাৰ নেতৃত্বই | ইয়াৰোপৰি চাহ শ্ৰমিক পৰিয়ালক অইল ইণ্ডিয়া লিমিটেডে সংস্থাপন প্ৰদান কৰাৰ দাবী জনাই নেতা গৰাকীয়ে |
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News