চাপৰমুখৰ আশ্ৰয় শিবিৰত উপস্থিত হ’ল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা
বান আক্ৰান্ত লোকসকলৰ দুখ-কষ্টৰ বুজ ল’বলৈ বুধবাৰে চাপৰমুখ ৰে’লৱে ষ্টেচনত উপস্থিত হ’য় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। আশ্ৰয় লৈ থকা বানপীড়িতৰ সৈতে মত বিনিময় কৰি তেওঁলোকক দিয়া সাহায্য সামগ্ৰীৰ বুজ ল’য় মুখ্যমন্ত্রীয়ে।
কপিলী নৈৰ বানে বৃহৎ অংশ প্লাৱিত কৰা নগাঁও জিলাৰ বানৰ পানী কমিলে বান সৃষ্টিকাৰী কাৰকসমূহ অধ্যয়ন কৰি বান নিয়ন্ত্ৰণৰ দিশত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্রী গৰাকীয়ে। লগতে জিলা প্ৰশাসনক পৰ্যাপ্ত সাহায্য ব্যৱস্থাৰে বন্যাৰ্তৰ কাষ চাপিবলৈ আৰু এই সংকটৰ সময়ত তেওঁলোকৰ কাষত থিয় দিবলৈ নিৰ্দেশনা প্ৰদান কৰে।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক অংশুল গুপ্তা আৰু আন আন জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে এই ভ্ৰমণত মুখ্যমন্ত্রী গৰাকীক সংগ প্ৰদান দিয়ে।
News Desk, Ne India News