চান্দখিৰাইত পথ দুৰ্ঘটনাত নিহত যুৱকক লৈ উত্তপ্ত পৰিস্থিতি

0
800
NE INDIA: কৰিমগঞ্জ জিলাৰ চান্দখিৰা বাগানত মঙ্গলবাৰে পুৱা আটছাৰ স্মৰণ গোয়ালা নামৰ এজন শ্ৰমিকৰ পথ দূৰ্ঘটনাত মৃত্যু হয় ৷ এক লোমহৰ্ষক পথ দুৰ্ঘটনাত ঘটনাস্থলীত মৃত্যু মুখত পৰে চান্দখিৰা বাগানৰ সুঠাম যুৱকজন ৷এই ঘটনা সংঘটিত হোৱাৰ পাছত প্ৰায় তিনি ঘন্টা ধৰি পথ অৱৰোধ কৰি ৰাখে স্থানীয় ৰাইজে ৷ঘটনাৰ চাৰি ঘন্টাৰ পাছত সাৰ্কল অফিচৰ আৰু স্থানীয় মেজিষ্ট্ৰেট এল খিংন্তে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷
দুই অফিচৰ উপস্থিতিত স্থানীয় জনগণে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ দুৰ্ঘটনাৰ খবৰ পাই পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে ব্যক্তিগত একাউণ্টৰ পৰা মৃত যুৱকৰ পৰিয়ালবৰ্গৰ হাতত ৫০০০০ টকা আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে চৰকাৰী সাহায্য লাভ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ প্ৰাপ্ত বাতৰি অনুসৰি চান্দখিৰাই চাহ বাগিচাৰ শ্ৰমিক যুৱক তথা ভোলানাথ গোৱালাৰ পুত্ৰ ১৮ বছৰীয়া স্মৰণ গোৱালাক এখন এল্টো গাড়ীয়ে খুন্দা মাৰে ৷ইয়াৰ পিছতে ঘটনা স্থলীতে নিহত হয় স্মৰণ গোৱালৰ ৷ অন্যহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বাগান শ্ৰমিক সন্থাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তাল কৰি তোলে ৷ সেই সময়তে ঘটনাস্থলীত উপস্থিত হয় পাথাৰকান্দি থানাৰ অ’চি ডিম্বেশ্বৰ ঠাকুৰীয়াৰ লগতে এচ আই ৰহিমউদ্দিন বৰভূঁইয়া ৷ অ’চি ঠাকুৰীয়া আৰু এচ আই  ৰহিমউদ্দিন বৰভূঁইয়াই মৃতকৰ পৰিয়ালৰ লগত মতবিনিময় কৰি তিনি দিনৰ ভিতৰত দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ লগতে বাহনগৰাকীক আটক কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ ইয়াৰ পিছতে স্থানীয় ৰাইজে পথ অৱৰোধ কাৰ্যসূচী বাতিল কৰে ৷ ইফালে পৰিস্থিতি শাম কটাৰ পিছত স্মৰণ গোৱলাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
প্ৰদীপ্ত পুৰকায়স্থ ,কাটিগড়া NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here