মঙলবাৰে ঘোষিত হল SEBA ৰ পৰিচালিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০২২ বৰ্ষৰ ফলাফল । এই বৰ্ষত মুঠ ৪ লাখ ৫ হেজাৰ ৫৮২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত । ইয়াৰ ২ লাখ ২৯ হেজাৰ ১৩১ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত । উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ ।
উত্তৰ লক্ষীমপুৰৰ চেইন্ট মেৰীজ হাইস্কুলৰ ছাত্ৰ ৰক্তপল শইকীয়াই মুঠ ৫৯৭।নম্বৰ লাভ কৰি দখল কৰে শীৰ্ষস্থান ।
মঙলবাৰে ঘোষিত ফলাফলত মুঠ ৬৫ হেজাৰ ১৭৬ গৰাকীয়ে প্ৰথম বিভাগ , ৯৯ হেজাৰ ৮৫৪ গৰাকীয়ে দ্বীতিয় বিভাগ আৰু ৬৪ হেজাৰ ১০১ গৰাকীয়ে লাভ কৰে তৃতীয় বিভাগ ।
মঙলবাৰে ঘোষিত ফলাফলত ইংৰাজী বিভাগত সৰ্বাধিক ২৩ হেজাৰ ২৫১ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে লেটাৰ মাৰ্কছ । আনহাতে , অসমীয়া বিভাগত ১৪ হেজাৰ ৪৩২ গৰাকী, হিন্দীত ১ হেজাৰ ৮৮১ গৰাকী , ঐচ্চিক গণিতত ৮৩২৭ , সংস্কৃতত ৩৫৯৭ , আৰবীত ৬০৯৮, ভুগোল ৯০৪৫ , কম্পিউটাৰ বিজ্ঞানত ৬৮২২ গৰাকী, গণিতত ২০৫৪৪ গৰাকী , বিজ্ঞানত ১৪২২৭ গৰাকী আৰু সমাজবিজ্ঞানত ২১০০৮ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰে লেটাৰ মাৰ্কছ ।
ৰাজ্যৰ ভিতৰত ধেমাজি জিলাই আটাইতকৈ ভাল ফলাফল দেখুৱাইছে । জিলাখনত উত্তীৰ্ণৰ হাৰ ৮৫.৪৬ শতাংশ । শিক্ষান্ত পৰীক্ষাত জিলাখ্নৰ পৰা অৱতীৰ্ণ হৈছিল মুঠ ১৩ হেজাৰ ৪ শ ৫২ গৰাকী পৰীক্ষাৰ্থীয়ে । ইয়াৰে ১৪ হেজাৰ ৪ শ ৯৬ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ।
News Desk , Ne India News