ঘোষিত হল অসম সহ পাচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ

0
124

 

ঘোষিত হল অসম সহ পাচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ

ঘোষিত অসম , কেৰেলা , পশ্চিম , তামিলনাডু তথা কেন্দ্ৰীয় শাসিত প্ৰদেশ পুডুচেৰী বিধানসভাৰ নিৰ্বাচনী তাৰিখ । আজি দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত সংবাদ মেলৰ জৰিয়তে নিৰ্বাচনৰ দিন ঘোষণা কৰে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই ।
পশ্চিম বংগত ৮ টা পৰ্যায়ত অনুষ্টিত হব নিৰ্বাচন । ২৭ মাৰ্চ , ১ এপ্ৰিল , ৬ এপ্ৰিল , ১০ এপ্ৰিল , ১৭ এপ্ৰিল , ২২ এপ্ৰিল , ২৬ এপ্ৰিল আৰু ২৯ এপ্ৰিলত পশ্চিম বংগত অনুষ্টিত হব নিৰ্বাচন ।

কেৰেলাত এটা পৰ্যায়ত অৰ্থাৎ ৬ এপ্ৰিলত অনুষ্ঠিত হব ভোটগ্ৰহণ । তামিলনাডুটো এটা পৰ্যায়ত ৬ এপ্ৰিলত অনুষ্ঠিত হব নিৰ্বাচন । কেন্দ্ৰীয় শাসিত ৰাজ্য পুডুচেৰীতো ৬ এপ্ৰিলত এটা পৰ্যায়ত অনুষ্ঠিত হব নিৰ্বাচন ।

অসমত ১২৬ খন আসনৰ বাবে তিনিটা পৰ্যায়ত অনুষ্ঠিত হব নিৰ্বাচন ।  ১ম পৰ্যায় – ৪৭ খন আসনৰ বাবে অনুষ্ঠিত হব নিৰ্বাচন । ২ মাৰ্চত নটিফিকেচন জাৰি , ৯ মাৰ্চত মনোনয়ন পত্ৰ দাখিল অন্তিম দিন । ভোটগ্ৰহণ ২৭ মাৰ্চ । ২ য় পৰ্যায় — ৩৯ খন আসনৰ বাবে ভোটগ্ৰহণ । নটিফিকেচন জাৰি ৫ মাৰ্চ । মনোনয়ন দাখিলৰ অন্তিম দিন ১২ মাৰ্চ । ভোটগ্ৰহণ ১ এপ্ৰিল । ৩য় পৰ্যায় — ৪০ খন আসনৰ বাবে নিৰ্বাচন । নটিফিকেচন ১২ মাৰ্চ । মনোনয়ন দাখিলৰ অন্তিম দিন ১৯ মাৰ্চ । ভোটগ্ৰহণ ৬ এপ্ৰিল ।

কৰনা মহামাৰীৰ ভয়াবহতালৈ লক্ষ্য ৰাখি নিৰ্বাচনী আয়োগে আগন্তুক পাচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে নীতি নিৰ্দেশনা জাৰি কৰিছে ।

  • মনোনয়ন দাখিল কৰাৰ সময়ত নিৰ্বাচনী আয়োগৰ কাৰ্যলয়ত প্ৰাৰ্থী গৰাকীৰ লগত মাথো দুজন ব্যক্তিহে প্ৰবেশ কৰিব পাৰিব 
  • মনোনয়ন ফিজ অনলাইন যোগে জমা কৰাৰ সুবিধা
  • নিৰ্বাচনী ৰেলীত প্ৰাৰ্থী গৰাকীয়ে মাথোন পাচ খন বাহন হে নিব পাৰিব ।
  • পুডুচেৰীৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ খৰচৰ সীমা ২২ লাখ ।
  • অন্য ৪ ৰাজ্য অসম , পশ্চিম বংগ , কেৰেলা আৰু তামিলনাডুৰ প্ৰাৰ্থীয়ে খৰচ কৰিব পাৰিব ৩০.৮ লাখ টকা
  • ঘৰে ঘৰে প্ৰচাৰ কৰিবৰ সময়ত প্ৰাৰ্থী গৰাকীৰ লগত ৪ গৰাকী ব্যক্তিহে প্ৰবেশ কৰিব লাগিব ।
  • নিৰ্বাচনৰ কামত নিয়োজিত লোক সকলক প্ৰথমেই কৰোনা প্ৰতিষেধক প্ৰদান কৰা হব ।
  • ভোটকেন্দ্ৰ সমুহত মাস্ক আৰু চেনিটাইজেশ্বনৰ সুবিধা থাকিব ।
  • কৰনাত আক্ৰান্ত সকলক প্ৰদান কৰা হব বিশেষ সুবিধা ।
  • সকলো ৰাজ্যৰ ভোটগননা অনুষ্ঠিত হব ২ মে ত ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here