ঘোষণা হ’ল  NEETৰ ফলাফল : ইতিহাস ৰচিলে ছোয়েব-আকাঙ্ক্ষাই

0
97

ঘোষণা হ’ল  NEETৰ ফলাফল : ইতিহাস ৰচিলে ছোয়েব-আকাঙ্ক্ষাই

শুকুৰবাৰে ঘোষণা হ’ল NEET ২০২০ পৰীক্ষাৰ ফলাফল। সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষাত(NEET) মুঠ ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰেই লাভ কৰি ইতিহাস গঢ়িলে দুগৰাকী কৃতিমান শিক্ষাৰ্থীয়ে।ইতিহাস ৰচনা কৰিলে ওড়িশ্যাৰ শ্বয়েব আফতাব আৰু দিল্লীৰ আকাঙ্ক্ষা সিং।বয়সৰ ভিত্তিত প্ৰথম স্থান লাভ কৰিছে ছোয়েব আফতাবে আৰু দ্বিতীয় স্থানত আছে আকাঙ্ক্ষা সিং।
ফলাফল ঘোষণা হোৱাৰ শ্বয়েবে কয়- ‘মোৰ দেউতা নিৰ্মাণ কাৰ্যৰে জড়িত। আৰু তেওঁ মোক কোটাত এলেন ইনষ্টিটিউটত নামভৰ্তি কৰি দিয়ে। মোৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত মোৰ মা ওড়িশ্যাৰ পৰা কোটালৈ গুচি আহে। আৰু লগতে ভণ্টীকো লৈ আহে।’

এইবাৰ NEET পৰীক্ষাত ১৫.৯লাখ শিক্ষাৰ্থীৰ পঞ্জীয়ন হৈছিল। ইয়াৰ ভিতৰত ১৩,৬লাখ শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হয়
এন টি এ য়ে জানিবলৈ দিয়া অনুসৰি ৭,৭১,৫০০ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here