ঘোষণা হল দৰং জিলাৰ তিনিখন পৌৰসভা মঙ্গলদৈ, ছিপাঝাৰ আৰু খাৰুপেটীয়া পৌৰসভাৰ পৌৰপতি আৰু উপ পৌৰপতিৰ নাম।
সোমবাৰে ভাৰতীয় জনতা পাৰ্টী,দৰং জিলাৰ কাৰ্য্যলয়ত অনুষ্ঠিত নৱ নিৰ্বাচিত খণ্ড আয়ুক্ত সকলৰ আদৰনি সভাত জিলাখনৰ তিনিওটা পৌৰসভাৰ সভাপতি আৰু উপ সভাপতি নাম ঘোষণা কৰে।
জিলাখনৰ সহ প্ৰভাৰী জুৰি শৰ্মা বৰদলৈ আৰু নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, দৰং জিলা বিজেপি-অগপৰ সভাপতি কৰ্মকৰ্তা সকল উপস্থিত থকা সভাখনত মঙ্গলদৈ পৌৰসভাৰ পৌৰপতি নিৰ্মালী দেৱী শৰ্মা
উপসভাপতি অচ্যুত দাসৰ নাম ঘোষণা কৰে।
ছিপাঝাৰ পৌৰসভাৰ পৌৰপতি পিনাক্ষী শৰ্মা,
উপ পৌৰপতি অভিনৱ হাজৰিকা।
খাৰুপেটীয়া পৌৰসভা সভাৰ পৌৰপতি কৃষ্ণা চাহা
উপ পৌৰপতি অসীম চাহাৰ নাম ঘোষণা কৰে।
পংকজ সৰকাৰ ,মঙ্গলদৈ ,Ne India News