গ্ৰেপ্তাৰ হ’ল সিদ্ধু মুজৱালা হত্যাকাণ্ডৰ আন এক অভিযুক্ত

10

গ্ৰেপ্তাৰ হ’ল সিদ্ধু মুজৱালা হত্যাকাণ্ডৰ আন এক অভিযুক্ত

পাঞ্জাৱৰ কন্ঠশিল্পী সিদ্ধু মুজৱালা হত্যাকাণ্ডৰ গোচৰত জড়িত গেংষ্টাৰ মনপ্ৰীত সিং মান্নু আৰু জগৰূপ সিং ৰূপাক ২০ জুলাইত আটাৰীৰ ভাকনা গাঁৱত গুলীয়াই হত্যা কৰাৰ পিছত একমাত্ৰ বাকী আছিল মুণ্ডি শ্বুটাৰ, যি এতিয়াও আৰক্ষীৰ জিম্মাৰ পৰা আঁতৰত আছিল। দিল্লী আৰক্ষীয়ে ইতিমধ্যে চাৰ্পশ্বুটাৰ প্ৰিয়ৱৰ্ত ফৌজী, অংকিত চেৰচা আৰু কাশীশ ওৰফে কুলদীপক গ্ৰেপ্তাৰ কৰিছে। মনপ্ৰীত সিং মান্নু আৰু জগৰূপ সিং ৰূপাৰ মুখামুখি হোৱাৰ পিছত মুণ্ডিয়ে নিৰন্তৰভাৱে নিজৰ অৱস্থান সলনি কৰি আছিল। আৰু মঙলবাৰে ৰাতিপুৱা, আৰক্ষীয়ে মুণ্ডি আটাৰী অঞ্চলত থকাৰ বিষয়ে তথ্য পায়। অৱশেষত এণ্টি গেংষ্টাৰ টাস্ক ফ’ৰ্চ চমুকৈ এজিটিএফ আৰু ষ্টেট টাস্ক ফ’ৰ্চে চমুকৈ এছটিএফ-ৰ যুটিয়া সহযোগত মুণ্ডিক অমৃতসৰৰ সীমান্ত অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’য়। আৰক্ষীসূত্ৰই জনোৱা অনুসৰি গ্ৰেপ্তাৰৰ পিছত মুণ্ডিক চণ্ডিগড়লৈ লৈ যোৱা হৈছে। আৰু এই সন্দৰ্ভত পাঞ্জাৱ আৰক্ষীৰ ডিজিপিয়ে অতি সোনকালে এখন সংবাদ মেল অনুষ্ঠিত কৰি তথ্য প্ৰদান কৰিব।

National Desk, Ne India News

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here