সংবিধান বিৰুধী কাৰ্য আৰু বহু অনৈতিক কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগত প্ৰায় ডেৰ বছৰ পূৰ্বে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পৰা বহিস্কাৰ হোৱা সন্তোষ ছেত্ৰী ওৰফে মুন্নাৰ বিৰুদ্ধে এইবাৰ মাৰ্ঘেৰিটাৰ এগৰাকী ব্যৱসায়ীৰ ব্যৱসায়িক প্ৰতিষ্ঠানত লুট-পাট কৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানখন ভাঙি বয়-বস্ত লণ্ডভণ্ড কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াত “দাৰ্জেলিং” নামৰ এখন হোটেল খুলি নাৰীদেহৰ ব্যৱসায় চলোৱাৰ অভিযোগ থকা বিতৰ্কিত তথা সয়ম্ভু ছাত্ৰ নেতা সন্তোষ ছেত্ৰীয়ে মাৰ্ঘেৰিটা বাজাৰত থকা ৰাজেশ কুমাৰ শ্বাহ নামৰ ব্যৱসায়ী গৰাকীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা বুলি এজাহাৰত উল্লেখ কৰিছে । ঘটনাৰ বিৱৰণী অনুসৰি সন্তোষ ছেত্ৰীৰ ককায়েক বিষ্ণু ছেত্ৰীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানখন ৰাজেশ কুমাৰ শ্বাহক ভাড়া দিয়াৰ পাছত ভায়েক সন্তোষ ছেত্ৰীয়ে এইদৰে উদ্ভণ্ডালীৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে । ৰাজেশ কুমাৰ শ্বাহৰ এজাহাৰ ভিত্তিত ইতিমধ্য মাৰ্ঘেৰিটা আৰক্ষীয়ে বিতৰ্কিত তথা সয়ম্ভু ছাত্ৰ নেতা সন্তোষ ছেত্ৰীক গ্ৰেপ্তাৰ কৰি জেল সাজুতলৈ প্ৰেৰণ কৰিছে । উল্লেখযোগ্য যে, সয়ম্ভু ছাত্ৰ নেতা সন্তোষ ছেত্ৰী ওৰফে মুন্নাৰ বিৰুদ্ধে পুৰ্বতেও নাৰী নিৰ্যাতনৰ লগতে কেইবাজনো লোকক হত্যাৰ ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ আছে ।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News