গ্ৰেপ্তাৰ হ’ব পাৰে বিৰাট কোহলি আৰু তামান্না ভাটিয়া !

0
126

গ্ৰেপ্তাৰ হ’ব পাৰে বিৰাট কোহলি আৰু তামান্না ভাটিয়া !

গ্ৰেপ্তাৰ হ’ব পাৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি আৰু বলীউদৰ অভিনেত্ৰী তামান্না ভাটিয়া। অনলাইন জুৱা ছাইটৰ বিজ্ঞাপনত অংশগ্ৰহণ কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে চেন্নাইৰ এগৰাকী অধিবক্তাই ।অনলাইন জুৱাৰ ওপৰত নিষেধাজ্ঞা দাবী চেন্নাইৰ অধিবক্তাই মাদ্ৰাজ হাইকোৰ্টত এখন আবেদন দাখিল কৰিছে ভাৰতত বহুকেইটা অনলাইন জুৱাৰ ছাইট আছে । ইয়াৰেই এটাৰ এক বিজ্ঞাপনত বিৰাট কোহলিৰ সৈতে আছিল বলীউদৰ অভিনেত্ৰী তামান্না ভাটিয়া। সকলো থিকে আছিল কিন্তুু অনলাইন জুৱাত সৰ্বস্বান্ত হোৱা এজন যুৱকে আত্মহত্যা কৰাৰ পাছতেই বিষয়টো চৰ্চাৰ মাজলৈ আহে অধিবক্তাগৰাকীয়ে অভিযোগ কৰিছে যে এই জুৱাৰ কবলত পৰি বহু লোক সৰ্বস্বান্ত হৈছে। টকা ঋণ লৈ জুৱা খেলি ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যাৰ দৰে পথ বাচি লৈছে। আদালতে মঙলবাৰে গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰিছে। অভিযোগ প্ৰমানিত হ’লে যিকোনো সময়তে ক্ৰিকেট তাৰকাগৰাকীৰ লগতে বলীউদৰ অভিনেত্ৰী গৰাকী গ্ৰেপ্তাৰৰ সন্মুখীন হ’ব পাৰে।
News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here