গ্ৰাহকৰ বাবে সু-খবৰ,হ্ৰাস হব গেছ চিলিণ্ডাৰৰ মূল্য
হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ দাম।প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত হ্ৰাস পালে ১৯৮ টকাকৈ। ১ জুলাইৰ পৰা তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১৯৮ টকা হ্ৰাস কৰা হৈছে। ১৯কিলোগ্ৰাম (LPG) চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছে।
দিল্লীত ১৯ কিলোগ্ৰাম এলপিজি চিলিণ্ডাৰ ১৯৮টকা হ্ৰাস কৰা হৈছে। আনহাতে কলকাতাত ইয়াৰ মূল্য ১৮২ টকা হ্ৰাস কৰা হৈছে।
একেদৰে, মুম্বাইত, ১৯ কিলোগ্ৰাম এলপিজি চিলিণ্ডাৰ ১৯০.৫০ টকা আৰু চেন্নাইত, ১৮৭ টকা হ্ৰাস কৰা হৈছে।
News desk report, Ne India News