গোৱা কংগ্ৰেছত খহনীয়া
মহাৰাষ্ট্ৰৰ দৰে গোৱাটো আৰম্ভ হৈছে ৰাজনৈতিক ভুমিকম্প । গোৱা কংগ্ৰেছৰ সাত গৰাকী বিধায়ক বিধানসভা অধিবেশনৰ এদিন পুৰ্বে অনুষ্ঠিত হোৱা বৈঠকত অনুপস্থিত থাকে ।
সুত্ৰৰ খবৰ অনুসৰি এই সাত বিধায়কে সম্পৰ্ক ৰক্ষা কৰি চলিছে বিজেপি দলৰ সৈতে । গোৱাৰ এই সাত গৰাকী কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰিব বুলি চৰ্চা আৰম্ভ হৈছে ।
৪০ জনীয়া গোৱা বিধানসভাত কংগ্ৰেছ দলৰ আছে ১১ গৰাকী বিধায়ক । এই ১১ গৰাকী বিধায়কৰ ৭ গৰাকীয়েই অনুপস্থিত আছিল ৰবিবাৰে অনুষ্ঠিত কংগ্ৰেছ বিধায়নী দলৰ বৈঠকত ।
National desk , Ne India News