গোৱালপাৰা ইণ্ডিয়ান পেট্ৰল পাম্পৰ আজৱ কাণ্ড

0
825
NE INDIA: গোৱালপাৰা চহৰৰ মাজমজিয়াত থকা ইণ্ডিয়াল অইল পেট্ৰ’ল পাম্পৰ অসাৱধানতাৰ বাৱে চুবুৰীয়া বাসীলৈ মাতি আনিছে অশনি সংকেত। ফটা টেংকিৰে বৈ থকা ডিজেলৰ গোন্ধৰ ফলত আক্ৰান্ত বহু চুবুৰীয়াবাসী। বাৰম্বাৰ ৰাজহুৱা অভিযোগৰ পিচতো বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰ্তৃপক্ষৰ। জানিব পৰা মতে, চহৰৰ বিওচিত অৱস্থিত ইণ্ডিয়ান অইল পেট্ৰল পাম্পটো থকা ডিজেলৰ টেংকিটো আজিৰ পৰা প্ৰায় আঠ-ন বছৰে ফাটি থকাৰ ফলত মাটিৰ তলতে নিগৰি থাকে ডিজেল।
বহু বছৰ ধৰি এনেদৰে থকাৰ ফলত মাটিৰ তলেৰে ডিজেল নিগৰি নিগৰি সমগ্ৰ অঞ্চলটোৱে এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈ পৰে। বিশেষকৈ জনবসতি এলেকাৰ মাজত পাম্পটো হোৱা হেতুকে ইয়াৰ পৰা ওলোৱা ডিজেলৰ গোন্ধৰ ফলত চুবুৰীয়াটোৰ বহুলোক পেটৰ অসুখত ভুগিব লগা হয়। এই সম্পৰ্কে চুবুৰীয়াৱাসীয়ে পাম্পটোৰ কৰ্তৃপক্ষক বাৰম্বাৰ অভিযোগ দিয়াৰ পিচতো কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন কৰা নাছিল ৷ ইতিমধ্যে মাটিৰ তলেৰে তেল নিগৰি সম্পুৰ্ণ অঞ্চলটোত বিয়পি পৰে। উল্লেখ্য যে, আঠ-ন বছৰৰ পিচত আজি মাটি খাণ্ডি টেংকিটো উলিওৱা দেখা গৈছে যদিও মাটিৰ তলত এতিয়াও বহু তেল সোমাই থকা পৰিলক্ষিত হৈছে।এই ক্ষেত্ৰত পাম্পৰ মেনেজাৰে গা এৰা মন্তব্যৰে কয় যে, আজি দহ বছৰ ধৰি টেংকি ফাটি থকা খবৰ কোম্পানীক জনাইছে, যদিও কোম্পানীয়ে কোনো ব্যৱস্থা লোৱা নাই।এই ক্ষেত্ৰত আমাৰ কৰিবলগীয়া একো নাই। তাৎপৰ্যকৰ বিষয় যে, কোম্পানীয়ে দায়িত্ব নোলোৱা বাবে চুৱুৰীয়াবাসী ভুগিব লগা হৈছে পেটৰ অসুখত। এই ক্ষেত্ৰত কি পাম্প কৰ্তৃপক্ষৰ একো কৰিবলগীয়া নাই নেকি বুলিও ৰাইজে প্ৰশ্ন কৰে। চুবুৰীয়াৰ চিন্তা নকৰা এই পাম্পটোৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰাইজে ব্যৱস্থা গ্ৰহণৰো দাবী জনায় ৷
ৰপ্তাৰুল ইচলাম গোৱালপাৰা NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here