গোৱালপাৰাত ধৰ্ণা কাৰ্যসূচী

0
745
NE INDIA: গুৱাহাটী মহানগৰীৰ পৰিসৰৰ ভিতৰত ৰাভা-হাছঙৰ বৃহৎ ভূমি অন্তভূৰ্ক্তিৰ প্ৰতিবাদত গোৱালপাৰাত বিশাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিলে ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতিকে ধৰি আৰছু,  এ আৰ ডব্লিউ চি, এছ এছ ডিচি, বি আৰ কে আৰ, এ আৰ এন চি, বি আৰ কে এছ,  আগছু,  আবছু, জি ডি চি এছ আদি সংগঠনে । কেইবাহাজাৰ প্ৰতিবাদী জনতাই ট্ৰাইবেল বেল্ট আৰু ব্ল’কৰ অধীনত থকা গাঁৱসমূহক আছাম ষ্টেট কেপিটেল ৰেজিওন ডেভেলপমেন্ট অথ’ৰিটি এক্ট-2017ৰ অন্তৰ্ভুক্তিৰ তীব্ৰ প্ৰতিবাদত বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তুলিলে গোৱালপাৰাৰ বালিজানা ৰাজহচক্ৰ কাৰ্যালয় । প্ৰতিবাদী ৰাইজে ৰাভা-হাছঙৰ পৰিসৰৰ গাঁৱসমূহক গুৱাহাটী মহানগৰীৰ অধীনত অন্তৰ্ভুক্তিৰ প্ৰতিবাদত বালিজানা ৰাজহ চক্ৰ বিষয়াৰ হাতত অৰ্পন কৰিলে এক স্মাৰক পত্ৰ । 
ৰপ্তাৰুল ইছলাম গোৱালপাৰা NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here