তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্বৰ ধলা-ছৈখোৱাত ব্ৰহ্মপুত্ৰৰ খহনীয়া অঞ্চল সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ এটা সজাতি দলে পৰিদৰ্শন কৰে । এই খহনীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ বাবে চৰকাৰে অনুমোদন দিয়া আঁচনি সমূহত ঠিকাদাৰে নিম্নমানৰ কাম কৰা বুলি গোৰ্খা ছাত্ৰ সন্থাই অভিযোগ কৰিছে । একেই অভিযোগ কৰিছে স্থানীয় লোকসকলেও । এই ক্ষেত্ৰত স্থানীয় বিধায়ক বলিন চেতিয়াক উচ্চিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । অন্যহাতে, গৰাখহনীয়া সমস্যাৰ স্থায়ী তথা বিজ্ঞানসন্মত ভাৱে সমাধান কৰিবলৈ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাক গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে দাবী জনাইছে ।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News