গোৰখপুৰ আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব যোগী আদিত্যনাথে
নিৰ্বাচনী উত্তাপ বৃদ্ধি পাইছে উত্তৰপ্ৰদেশত । ৪০৩ খন আসন বিশিষ্ট উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন অহা ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ ৭ টা পৰ্যায়ত অনুষ্ঠিত হব । আজি গোৰখপুৰ নগৰ বিধানসভা আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে । যোগী আদিত্যনাথৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকিব বিজেপিৰ কেবাগৰাকীও হাই প্ৰফাইল নেতা । মনোনয়ন পত্ৰ দাখিলৰ সময়ত যোগী আদিত্যনাথক সংগ দিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ প্ৰদেশত বিজেপিৰ পৰ্যবেক্ষক ধৰ্মেন্দ্ৰ প্ৰধান । কাৰ্যসুচী অনুসৰি গোৰখপুৰৰ মহাৰাণা প্ৰতাপ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত এক জনসভাত অংশগ্ৰহণ কৰি জিলা উপায়ুক্ত কাৰ্যলয়ত মনোনয়ন পত্ৰ দাখিল কৰিব যোগী আদিত্যনাথে ।
News Desk , Ne India