Thursday, March 30, 2023
HomeAssameseগোপীনাথ বৰদলৈৰ ৭২ সংখ্যক পুণ্যতিথিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

গোপীনাথ বৰদলৈৰ ৭২ সংখ্যক পুণ্যতিথিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

গোপীনাথ বৰদলৈৰ ৭২ সংখ্যক পুণ্যতিথিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭২সংখ্যক পুণ্যতিথি উপলক্ষে শুক্ৰবাৰে নৱগ্ৰহস্থিত গোপীনাথ বৰদলৈৰ সমাধিস্থলত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্রী গৰাকীয়ে কয় যে ভাৰত ৰত্ন গোপীনাথ বৰদলৈদেৱৰ ওচৰত অসম চিৰ ঋণী। তেখেতৰ নিৰ্ণায়ক ভূমিকাৰ বাবেই অসম ভাৰতৰ এক অপৰিহাৰ্য অংগ হিচাপে পৰিচিত হৈছিল। গ্ৰুপিং নীতিৰ বিৰুদ্ধে তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰিলে অসম পূৰ্বৰ পূব পাকিস্তান আৰু এতিয়া বাংলাদেশৰ সৈতে সংযুক্ত হ’লহেঁতেন। স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰা দেশৰ স্বাধীনতাতো তেখেতে এক মহৎ ভূমিকা পালন কৰিছিল।                                     লগতে মুখ্যমন্ত্রী গৰাকীয়ে একেদিনাই আলাবৈ ৰণৰ শ্বহীদসকলকো গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, য’ত আহোম সৈন্যই নিজৰ শৌৰ্য প্ৰদৰ্শন কৰি দেশপ্ৰেমৰ অতুলনীয় স্বাক্ষৰ বহন কৰিছিল।
উক্ত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত মুখ্যমন্ত্রী গৰাকীৰ সৈতে উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, উপ-পৌৰপতি স্মিতা ৰায়, গোপীনাথ বৰদলৈদেৱৰ পুত্ৰ বলিন বৰদলৈদেৱৰ লগতে আন ভালেসংখ্যক গণ্যমান্য ব্যক্তি।

News Desk, NE India News 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments