গুৱাহাটীত APCC তত্বাৱধায়ক হৰিশ ৰাৱটৰ সংবাদমেল

0
934

গুৱাহাটীত APCC তত্বাৱধায়ক হৰিশ ৰাৱটৰ সংবাদমেল

news desk neindia:  গুৱাহাটীত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত তত্বাৱধায়ক হৰিশ ৰাৱট ৷ কংগ্ৰেছৰ বহু বিষয়ববীয়াৰে হোৱা এক বৈঠকত অংশগ্ৰহণ কৰি NRC কে ধৰি বহু কেইটা বিষয়ত মন্তব্য কৰে APCC তত্বাৱধায়ক জনে ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক উদ্দেশ্য কৰি তেওঁ কয় যে NRC ৰ পৰা প্ৰকৃত ভাৰতীয়ৰ নাম যাতে বাদ নপৰে তাৰ কাৰণে সজাগ হৈ থাকিব কংগ্ৰেছ । তেওঁ মোডীক উদ্দেশ্য কৰি কয় যে মোডীয়ে উত্তৰ পূবক অষ্ট লক্ষী আখ্যা দিলে যদিও এতিয়া উত্তৰ পূবত অষ্টহে আছে লক্ষী উধাও হ’ল ৷ লগতে তেওঁ কয় যে ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ দ্বাৰা প্ৰধান মন্ত্ৰী মোডীক তিনিটা বিষয়ত উদং কৰি দিলে ৷ বিজেপি চৰকাৰক কটাক্ষ কৰি APCC তত্বাৱধায়ক হৰিশ ৰাৱটৰ মন্তব্য সন্মুখত গণতন্ত্ৰ ৰক্ষাৰ যুজঁ ৷ সকলোকে একত্ৰিত কৰিবলৈ চেষ্টা কৰিব কংগ্ৰেছে ৷ যি সকল লোক কৌৰৱৰ পক্ষলৈ গৈছে ৷ তেওঁলোকক পুনৰ পাণ্ডৱৰ পক্ষলৈ ঘূৰাই অনাৰ চেষ্টা কৰিব দলটোৱে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here