Home Assamese গুৱাহাটীত দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন

গুৱাহাটীত দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন

74

গুৱাহাটীত দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন

 

বুধবাৰে গুৱাহাটীত অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যালয়সহ দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিছে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰে দীৰ্ঘম্যাদী পট্টা ভিত্তিত প্ৰদান কৰা ৫ বিঘা ভূমিত কাৰ্যালয়টো নিৰ্মাণ কৰিছে। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই আশাকৰে কাৰ্যালয় সংলগ্ন দক্ষতা বিকাশ প্ৰতিষ্ঠানটোৱে অইল ইণ্ডিয়া লিমিটেডৰ ব্যৱসায় সম্প্ৰসাৰণৰ উপৰি ৰাজ্যৰ অৰ্থনৈতিক বিকাশক সুদৃঢ় কৰিবলৈ অধিক দক্ষতাসম্পন্ন যুৱ মানৱ সম্পদ সৃষ্টিত সহায় কৰিব। এই দক্ষতা বিকাশ প্ৰতিষ্ঠানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘স্কিল ইণ্ডিয়া’ৰ সপোন বাস্তৱায়িত কৰাৰ দিশতো অৰিহণা আগবঢ়াইছে। অইলক অসমৰ শক্তি সবলীকৰণত অৰিহণা যোগাবলৈ সক্ষম কৰি তোলা অইলৰ মুখ্য পৰিচালন সঞ্চালক সুশীল কুমাৰ মিশ্ৰক ধন্যবাদ জনাইছে মুখ্যমন্ত্রী গৰাকীয়ে।

বুধবাৰৰ অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত আছিল।

News desk, Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here