তিনিচুকীয়া জিলাৰ ফিল’বাৰীত অঞ্চলত অৱস্থিত গুৰুকুল চিনিয়ৰ চেকেণ্ডেৰী স্কুলত ১২ জুন তাৰিখে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰী সকলৰ মনো বল বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে দিয়া হয় সম্বৰ্ধনা।
৫০০ ছাত্ৰ-ছাত্ৰীক এখনি মানপত্ৰ এজোপা গছ পুলি গামোচাৰে সম্বৰ্ধনা দিয়া হয়।
সভাত উপস্থিত থাকে মাৰ্ঘেৰিটা উপ-শাখাৰ এচিএছ বিষয়া সিদ্ধাৰ্থ শংকৰ সোণোৱাল, সহকাৰী আয়ুক্ত আৰু কাৰ্যবাহী দণ্ডাধীশ,ৰাণা বৰুৱা ফিল’বাৰীৰ প্ৰথম চাৰ্টাৰ্ড একাউণ্টেণ্ট , গুৰুকুলৰ পৰিচালনা সমিতিৰ বিষয়-ববিয়া বলি শইকীয়া,হেৰম্ব দেউৰী,তিলক পাদুন,বিপুল শইকীয়া,জ্যোতি প্ৰসাদ শইকীয়া ( অধ্যক্ষ), আৰু বিভিন্ন প্ৰান্তৰৰ পৰা অহা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চিনিয়ৰ চেকেণ্ডেৰী বিদ্যালয়ৰ অধ্যক্ষ আৰু গুৰুকুলৰ শিক্ষা গুৰু সকল ।
গুৰুকুলৰ পৰিচালনা সমিতিৰ লগতে অধ্যক্ষই তেওঁ লোকৰ উজ্বল ভৱিষ্যত কামনা কৰাৰ লগতে আগুত্তোক আহিব লগীয়া দিনত নিজৰ কামেৰে অঞ্চলটোৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে।