সমগ্ৰ দেশত প্ৰায় নিচিহ্ন হোৱাৰ দিশত আগবঢ়া কংগ্ৰেছ দলৰ বাবে আন এক চিন্তা উদ্ৰেককাৰী খবৰ আহিছে । গুজৰাট বিধানসভা নিৰ্বাচনৰ পুৰ্বে কংগ্ৰেছ শলঠেকত পৰিছে । যিগৰাকী নেতাৰ কান্ধত উঠি গুজৰাটত বিজেপিক হৰুৱাবলৈ কংগ্ৰেছে সপোন দেখিছিল সেইগৰাকী নেতাই ত্যাগ কৰিলে কংগ্ৰেছ । পেটেল আন্দোলনৰ গুৰি ধৰা যুৱ নেতা হাৰ্ডিক পেটেল কিছুদিন পুৰ্বে ত্যাগ কৰিছিল কংগ্ৰেছ । সেই হাৰ্ডিক পেটেলে এইবাৰ গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে । আগন্তুক ২ জুনত হাৰ্ডিক পেটেল বিজেপিত যোগদান কৰা সম্ভাৱনা ।
কংগ্ৰেছ ত্যাগৰ পুৰ্বে হাৰ্ডিক পেটেলে নিজৰ টুইটাৰ হেণ্ডেলৰ পৰা দল আৰু পদবী মচি দিছিল । তাৰ পিচতে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ বিষোদ্বগাৰ কৰি ত্যাগ কৰিছিল কংগ্ৰেছ ।

২০১৭ বৰ্ষত সংৰক্ষণৰ দাবীৰে আৰম্ভ হোৱা পেটেল আন্দোলনক সমৰ্থন জনাইছিল । কংগ্ৰেছৰ এই সমৰ্থনৰ পিছত দলটোৱে নিৰ্বাচনত কিছু পৰিমাণে লাভাম্বিতো হৈছিল । আন্দোলনৰ নেতা হাৰ্ডিক পেটেলে কংগ্ৰেছত যোগদান কৰিছিল । ২০১৭ বৰ্ষত কংগ্ৰেছ দলে মাত্ৰ ৯ খন আসন কম পোৱাৰ বাবে চৰকাৰ গঠনৰ পৰা আতৰত থাকিব লগা হয় । তেতিয়া সৰ্বত্তে এটা চৰ্চা চলিছিল , আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ভাল ফল দেখুৱাব আৰু গুজৰাটত চৰকাৰ গঠন কৰিব । কিন্ত কংগ্ৰেছৰ সেই আশাত চেচাপানী ধালিলে হাৰ্ডিক পেটেলে । আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনত হাৰ্ডিক পেটেল অবিহনে কংগ্ৰেছে ভাল ফল দেখুৱাব পাৰিবনে ? এয়া আগন্তুক দিনত লক্ষণীয় হব ।
National Desk , Ne India News