দেওবাৰে দিনৰভাগত তিনিচুকীয়াৰ গুইজানত বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে অইল ইণ্ডিয়া লিমিটেডৰ চলাচল কৰা বাহন অৱৰোধ কৰে ৷
খামটিগোৱালী অইল ফিল্ডলৈ অইল ইণ্ডিয়া লিমিটেডৰ ডাঙৰ ডাঙৰ বাহনসমূহ গুইজান হৈ প্ৰৱেশ কৰাত বাটপথসমূহ নষ্ট হৈ যোৱাৰ হেতুকে বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে অৱৰোধ কৰিছে অইল ইণ্ডিয়া লিমিটেডৰ বাহনসমূহ ৷
গতিকে ৰাইজৰ দাবী যে পথটো অতিসোনকালে অইল ইণ্ডিয়া লিমিটেডে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক অন্যথা চলাচল কৰা পথ সলনি কৰক ৷
ৰন্টু বৰশইকীয়া,তিনিচুকীয়া ,Ne India News