গায়ক সিদ্ধু মুচেৱালাৰ হত্যাকাৰী নিহত

6

গায়ক সিদ্ধু মুচেৱালাৰ হত্যাকাৰী নিহত

পঞ্জাৱৰ জনপ্ৰিয় গায়ক সিদ্ধু মুচেৱালাক ২৯ মেত মানছাত নৃশংস ভাৱে হত্যা কৰিছিল এটা গেংষ্টাৰৰ দলে । দুদিন পুৰ্বে পঞ্জাৱৰ মান চৰকাৰে সিদ্ধু মুচেৱালাৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল । তাৰেই সুযোগ গ্ৰহণ জনপ্ৰিয় গায়ক গৰাকীক হত্যা কৰিছিল লৰেন্স গেঙৰ শ্বুটাৰে । জেলত লৰেন্স ডিচুজাই সমগ্ৰ হত্যাকাণ্ডক পৰিচালিত কৰিছিল ।
গায়ক গৰাকীৰ মৃত্যুৰ পিচতে আৰক্ষীয়ে তীব্ৰ অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল হত্যাকাণ্ডত জড়িত কেবাটাও শ্বুটাৰক । কিন্ত পলাতক হৈ আছিল আন কেবাটাও শ্বুটাৰ ।
মুচেৱালাৰ হত্যাকাণ্ডত জড়িত থকা তিনি চাৰ্প শ্বুটাৰক বুধবাৰে অমৃতচৰত আৰক্ষীয়ে ঘেৰি ধৰে । ভাৰত- পাকিস্থান সীমাৰ আটাৰী সীমান্তৰ পৰা ১০ কিমি দুৰৈৰ হোচিয়াৰনগৰত আৰক্ষীৰে সংঘৰ্ষত লিপ্ত হয় তিনি অপৰাধী । আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় দুই চাৰ্প শ্বুটাৰ । জীৱন্তে থকা আনটো শ্বুটাৰে AK-47 ৰে গুলিবৰ্ষণ কৰি আছে আৰক্ষীৰ ওপৰত ।আহত হৈছে তিনি গৰাকী আৰক্ষী জোৱান । আৰক্ষীয়ে ঘেৰি ৰাখিছে তৃতীয়টো চাৰ্প শ্বুটাৰক । এন্ট্ৰি গেংষ্টাৰ টাস্ক ফোৰ্চ , স্পেচিয়েল অপাৰেচন চেল , অৰ্গেনাইজেদ ক্ৰাইম কন্ট্ৰোল ইউনিটৰ লগতে অমৃতচৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

National Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here